অসম

assam

হায়দৰাবাদৰ EFL বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যা

By

Published : Jul 23, 2020, 10:55 AM IST

হায়দৰাবাদৰ তাৰনাকাস্থিত EFL বিশ্ববিদ্যালয়ত কৰ্মৰত এগৰাকী সহকাৰী অধ্যাপকে আত্মহত্যা কৰাক লৈ বিৰাজ কৰিছে চাঞ্চল্য ৷ অধ্যাপক গৰাকীৰ নাম ৰাহুল বালুছু বলি জানিব পৰা গৈছে ৷

ৰাহুল বালুছু
ৰাহুল বালুছু

নেশ্যনেল ডেস্ক, 23 জুলাই: তাৰনাকাৰ EFLU (English and Foreign Languages University) ত কৰ্মৰত ৰাহুল বালুছু নামৰ এগৰাকী সহকাৰী অধ্যাপকে, তেওঁৰ তাৰনাকাস্থিত বাসগৃহত আত্মহত্যা কৰে ৷

ওচমানিয়া বিশ্ববিদ্যালয় আৰক্ষী চকীত অধ্যাপক গৰাকীৰ ওচৰ চুবুৰীয়া লোকে জানিবলৈ দিয়া অনুসৰি, বিগত দুদিনৰ পৰা তেওঁলোকে অধ্যাপক গৰাকীক দেখা নাছিল ৷ লগতে তেওঁৰ ঘৰৰ পৰা নিৰ্গত হৈ আছিল দুৰ্গন্ধ ৷

আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ ভিতৰৰ পৰা বন্ধ কৰি থোৱা বাসগৃহটোৰ দুৱাৰখন ভাঙি প্ৰবেশ কৰি, অধ্যাপক গৰাকীক চিলিং ফেন এখনত চীপ লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৷

ইয়াৰ পাচতে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ওচমানিয়া শৱগৃহলৈ ৷ লগতে আৰক্ষীয়ে কৰা প্ৰাথমিক তদন্তত অধ্যাপক গৰাকী বিজয়ৱাৰাৰ নিবাসী আছিল বুলি জানিব পৰা গৈছে ৷

ইয়াৰোপৰি প্ৰথামিক পৰ্যায়ৰ তদন্তৰ পৰা জানিব পৰা গৈছে যে, 2003 চনত অধ্যাপক গৰাকী আবদ্ধ হৈছিল প্ৰেম বিবাহত ৷ কিন্তু 2008 চনত তেওঁৰ পত্নীৰ সৈতে বিচ্ছেদ হয় আৰু তেওঁ বৰ্তমানে অকলশৰীয়াকৈ বাস কৰি আছিল ৷ ৰাহুলে প্ৰথমে ডক্টৰেট ডিগ্ৰী লাভ কৰে আৰু তাৰ পাচত ভাষাবিদ্যাৰ অধ্যাপক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে ৷ তেওঁ আত্মহত্যাৰ পূৰ্বে দুটা ফোন নম্বৰ লিখিছিল ৷ আৰক্ষীয়ে কৰা সন্দেহ অনুসৰি তেওঁ কোনো হতাশা নাইবা মানসিক চাপত আত্মহত্যাৰ দৰে পথ বাছি লয় ৷

লগতে পঢ়ক:কনিষ্ঠ পুত্ৰকো আত্মসমৰ্পন কৰিবলৈ আহ্বান বিকাশ ডুবেৰ মাতৃৰ

ABOUT THE AUTHOR

...view details