2018 বৰ্ষৰ বিধ্বংসী বানৰ কবলত পৰা কেৰেলাৰ বান ক্ষতিগ্ৰস্ত লোকৰ বাবে ইনাডু-ৰামোজী গোটৰ দ্বাৰা নিৰ্মিত 121 টাকৈ ঘৰ দেওবাৰে বান ক্ষতিগ্ৰস্ত লোকসকলৰ মাজত বিতৰণ কৰা হ'ব ৷ কেৰালা চৰকাৰৰ আবাস যোজনাৰ উপৰিও কেৰালাৰ বানপীড়িত লোকৰ বাবে লোৱা এইটো দ্বিতীয়টো বৃহৎ আবাসিক যোজনা ৷
যি পৰিকল্পনা পুৰণৰ বাবে এবছৰৰ সময়সীমা আছিল, সেইয়া কেৱল 8 মাহৰ ভিতৰতে সম্পৰ্ণ কৰা হয় ৷ আলাপ্পুঝাৰ প্ৰাক্তন চাব-কালেক্টৰ ভি.আৰ কৃষ্ণ তেজাই সম্পূৰ্ণ প্ৰকল্পটি নিৰ্মাণৰ ভূমিৰ নিৰ্বাচনকে ধৰি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰালৈ সমগ্ৰ প্ৰকল্পটো নিৰীক্ষণ কৰে ৷
এই ঘৰকেইটাৰ ভেটি মাটিৰ পৰা ডেৰ মিটাৰ উচ্চতাত নিৰ্মাণ কৰা হৈছে, যাতে পুনৰবাৰ সেই আবাসমূহ বানৰ কবলত নপৰে ৷ বিগত বছৰৰ বানপানীৰ সময়ত সেই অঞ্চলৰ সকলো ঘৰ পানীৰে ভৰি পৰাৰ বিপৰীতে এই ঘৰ কেইটাত পানী সোমাব পৰা নাছিল ৷ বহু নিৰ্মাণ বিশেষজ্ঞই এই আলাপ্পুঝাত এই আৰ্হিতে ঘৰ নিৰ্মাণৰ উপদেশ দিয়ে ৷
কুডুম্বাশ্ৰীৰ নিৰ্মাণ ৱিঙৰ এক মহিলা আত্মসহায়ক গোটক এই ঘৰ নিৰ্মাণৰ কাম প্ৰদান কৰা হৈছিল ৷ তেওঁলোকে ঘৰ নিৰ্মাণত ব্যৱহাৰ কৰা সামগ্ৰীৰ গুণাগুণৰ লগত কোনো খেলিমেলি নকৰাকৈ বহু কম মূল্যত নিৰ্ধাৰিত সময়ৰ ভিতৰত কাম সম্পন্ন কৰে ৷ প্ৰাৰম্ভিক যোজনা 116 টা ঘৰ নিৰ্মাণৰ আছিল, কিন্তু কুডুম্বাশ্ৰীৰ সদস্য সকলে প্ৰতিটো ইউনিটৰ ব্যয় হ্ৰাস কৰাত সক্ষম হয় আৰু একেখিনি বাজেটেৰে ঘৰ নিৰ্মাণত সক্ষম হয় ৷
দেওবাৰে ইনাডু-ৰামোজী গোটে কেৰেলাৰ বানপীড়ীত লোকৰ বাবে নিৰ্মিত 121 টা ঘৰৰ চাবি অৰ্পণ কৰিব সম্পূৰ্ণ প্ৰকল্পটি 7.77 কোটি টকা ব্যয়ত সম্পাদন হয় ৷ কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰ অনুৰোধ মৰ্মে এই ইউনিটসমূহৰ নিৰ্মাতা হিচাপে কুডুম্বাশ্ৰীৰ নিৰ্মাণ শাখাটি নিৰ্বাচিত হৈছিল ৷ ইনাডু-ৰামোজী গোটে বিশ্বব্যাপী থকা তেওঁলোকৰ পাঠকসকলৰ পৰা অৱদান সংগ্ৰহ কৰাৰ লগতে বন্যাৰ্তৰ এই প্ৰকল্পত পুঁজি সংগ্ৰহৰ বাবে গোটৰ কৰ্মীসকলেও অনুদান আগবঢ়াইছিল ৷
উল্লেখ্য যে, ইনাডু-ৰামোজী গোট অতীততো এনেধৰণৰ জন হিতকৰ প্ৰকল্পত জড়িত আছিল ৷ গোটে গুজৰাটক সহায় কৰিছিল যেতিয়া ভুমিকম্পই কুট্ছক বিপৰ্যস্ত কৰিছিল ৷ ইয়াৰোপৰি ওড়িশাৰ তীব্ৰ ঘুৰ্ণীবতাহৰ কবলত যেতিয়া ওড়িশাৰ কেইবাটাও অঞ্চল বিপৰ্যস্ত হৈছিল, ছুনামিৰ ফলত তামিলনাডুৰ উপকুলীয় অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰিছিল, আৰু অন্ধ্ৰপ্ৰদেশ যেতিয়া হুদ হুদ ধুমুহাই বিপৰ্যস্ত কৰিছিল আৰু যেতিয়া কৃষ্ণা আৰু গোদাবৰী নদীত বিনাশকাৰী বানপানী হৈছিল, সেই সময়তো ইনাডু-ৰামোজী গোটে সবাতোকৈ আগতেই সহায়ৰ হাত আগবঢ়াইছিল ৷ এই প্ৰকল্পটি ইনাডু-ৰামোজী গোটৰ দ্বাৰা সম্পাদন কৰা দশম সংখ্যক প্ৰকল্প ৷
মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে আলাপুঝাৰ পথিৰাপল্লীত দেওবাৰে আয়োজন কৰা এক সমৰোহত নিৰ্বাচিত লোকক ঘৰৰ চাবি প্ৰদান কৰিব ৷ এই সমাৰোহত ইনাডুৰ মেনেজিং ডাইৰেক্টৰ চি.এইছ কিৰণ, মাগদৰ্শী চিট ফাণ্ডৰ মেনেজিং ডাইৰেক্টৰ শৈলজা কিৰণ, কেৰেলাৰ বিত্ত মন্ত্ৰী থমাছ ইচাক, গড়কাপ্তানী আৰু পঞ্জীয়ন মন্ত্ৰী জি. সুধাকৰণ, অসামৰিক যোগান মন্ত্ৰী পি তিলোত্তমন, বিৰোধী দলৰ ৰমেশ চেন্নীথালা, সংসদীয় সদস্য, বিধায়ক, প্ৰমুখ্য ৰাজনৈতিক দলৰ নেতা আৰু জ্যেষ্ঠ চৰকাৰী বিষয়াসকল উপস্থিত থাকিব ৷