নতুন দিল্লী, 28 নৱেম্বৰ:ক'ভিড অতিমাৰীৰ মাজত পৰীক্ষা অনুষ্ঠিত কৰাটোক এক প্ৰত্যাহ্বান আখ্যা দি কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়ালে কয় যে আগন্তুক বৰ্ষত শিক্ষক, বিদ্যাৰ্থী আৰু অভিভাৱকৰ সৈতে হোৱা আলোচনাৰ পাছতহে প্ৰতিযোগিতামূলক পৰীক্ষাৰ লগতে ব'ৰ্ড পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ৷
শুকুৰবাৰে সাংবাদিকৰ আগত পোখৰিয়ালে কয় যে ক'ভিড-19 অতিমাৰীৰ ফলত সৃষ্টি হোৱা অনিশ্চয়তাৰ মাজত কেৱল ব'ৰ্ড পৰীক্ষাসমূহে নহয় বৰঞ্চ উচ্চ শিক্ষানুষ্ঠানসমূহত নামভৰ্তিৰ বাবে প্ৰৱেশিকা পৰীক্ষা অনুষ্ঠিত কৰাটো যথেষ্ট কঠিন বিবেচিত হৈছে ৷