নেশ্যনেলডেস্ক,4 নৱেম্বৰ:প্ৰৱৰ্তকতদন্তকাৰী বিষয়াৰ দলে বেংগালুৰু ড্ৰাগছৰ বিত্তীয় কেলেংকাৰীত জড়িত বিনেশ কোডিয়াৰীৰ তিৰুৱন্তপুৰমত থকা বাসগৃহত তালাচী চলাই ৷ বিনেশ কোডিয়াৰীৰ লগত জড়িত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহো পৰিদৰ্শন কৰিছে ইডিৰতদন্তকাৰী বিষয়াৰ দলে ৷ ইডিৰ তদন্তকাৰী বিষয়াৰ দলৰ লগতে আয়কৰ বিভাগৰ তদন্তকাৰী দলেও বাসগৃহত উপস্থিত হৈ অবৈধভাৱে অধিগ্ৰহণ কৰা বেনামী সম্পত্তি সম্পৰ্কীয় বহুতো নথি পত্ৰ জব্দ কৰিছে ৷ বিনেশ কোডিয়াৰীয়ে 5 কোটি টকাৰ অবৈধ লেনদেন কৰিছিল ৷ ইডিৰ তদন্তকাৰী দল আৰু আয়কৰ বিভাগৰ দল উপস্থিত হোৱাৰ পাছতো বহু সময়লৈ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিব পৰা নাছিল কাৰণ ঘৰৰ তলা খুলিবলৈ অমান্তি হৈছিল ৷ পাছত কৰ্ণাটক আৰক্ষী আৰু CRPFৰ সহযোগত ঘৰৰ ভিতৰত প্ৰৱেশ কৰি তালাচী চলাই ৷
বিনেশ কোডিয়াৰীৰ তিৰুৱন্তপুৰমত থকা বাসগৃহত তালাচী তদন্তকাৰী বিষয়াৰ
বেংগালুৰুৰ ড্ৰাগছ বিত্তীয় কেলেংকাৰীত জড়িত বিনেশ কোডিয়াৰীৰ বাসগৃহত তালাচী ৷ অবৈধভাৱে অধিগ্ৰহণ কৰা বেনামী সম্পত্তি সম্পৰ্কীয় বহুতো নথি পত্ৰ জব্দ বাসগৃহৰ পৰা ৷
বিনেশ কোডিয়াৰীৰ তিৰুৱন্তপুৰমত থকা বাসগৃহত তালাচি তদন্তকাৰী বিষয়াৰ