নেশ্যনেল ডেস্ক, 11 ছেপ্তেম্বৰ : দেশৰ বৈদেশিক মন্ত্ৰী এছ. জয়শংকৰে অতি সোনকালে মস্কোত চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িৰ সৈতে মিলিত হ'ব বুলি বৃহস্পতিবাৰে ঘোষণা কৰে বৈদেশিক মন্ত্ৰণালয়ে ৷
প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত ভাৰত আৰু চীনৰ সংঘৰ্ষ তথা উদ্বিগ্নতা বৃদ্ধি পোৱাৰ সময়তে দুই বৈদেশিক মন্ত্ৰীয়ে এক বৈঠকত অংশগ্ৰহণ কৰিব ৷ মন্ত্ৰণালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে এক প্ৰেছ বিজ্ঞপ্তিত কয় যে, চাৰি মাহজোৰা সীমান্তৰ উদ্বিগ্নতা সম্পৰ্কত বৈঠকত আলোচনা কৰা হ'ব ৷