অসম

assam

ETV Bharat / bharat

৩১ মে' লৈ বন্ধ থাকিব দিল্লী বিশ্ববিদ্যালয়, চলি থাকিব ই-লাৰ্নিং প্ৰক্ৰিয়া - coronavirus

লক ডাউনৰ সম্প্ৰসাৰণৰ পৰিপ্ৰেক্ষিততে ৩১ মে' লৈ বন্ধ থাকিব দিল্লী বিশ্ববিদ্যালয় । আনহাতে, বিশ্ববিদ্যালয়খৰ সকলো কৰ্মচাৰীৰ ম'বাইলত আৰোগ্য সেতু এপ ডাউনলড কৰিবলৈ আহ্বান জনাই বিশ্ববিদ্য়ালয় কৰ্তৃপক্ষই ।

দিল্লী বিশ্ববিদ্যালয়
৩১ মে' লৈ বন্ধ থাকিব দিল্লী বিশ্ববিদ্যালয়, চলি থাকিব ই-লাৰ্নিং প্ৰক্ৰিয়া

By

Published : May 18, 2020, 10:32 PM IST

নিউজ ডেস্ক, ১৮ মে': দিল্লী বিশ্ববিদ্য়ালয় কৰ্তৃপক্ষই বিশ্ববিদ্যালয়খৰ সকলো কৰ্মচাৰীৰ ম'বাইলত আৰোগ্য সেতু এপ ডাউনলড কৰিবলৈ আহ্বান জনাই । লগতে মহামাৰী কৰ'ণা ভাইৰাছ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে দিয়া লক ডাউনৰ পৰিপ্ৰেক্ষিততে আগন্তু ৩১ মে' লৈকে বিশ্ববিদ্যালয় বন্ধ থাকিব বুলি জানিবলৈ দিয়ে ।

৩১ মে' লৈ বন্ধ থাকিব দিল্লী বিশ্ববিদ্যালয়, চলি থাকিব ই-লাৰ্নিং প্ৰক্ৰিয়া

আনহাতে, বিশ্ববিদ্য়ালয়ৰ ই-লাৰ্নিং প্ৰক্ৰিয়া চলি থকাৰ থকাৰ লগতে বিশ্ববিদ্যালয়ৰ বিভাগ আৰু বিভিন্ন মহাবিদ্যালয়সমূহকো বেৱছাইটৰ মাধ্যমেৰে শিক্ষাৰ্থীসকলক পাঠদান কৰাবলৈ অনুৰোধ জনাই ।

বিশ্ববিদ্য়ালয়ে নিৰ্দেশ জাৰি কৰে যে, "মহামাৰী COVID-19 ৰ প্ৰতিৰোধৰ বাবে ১৮ মে' ৰ পৰা বিশ্ববিদ্যালয় ২ সপ্তাহৰ বাবে বন্ধ থাকিব । লগতে সকলো কৰ্মচাৰীললৈ অনুৰোধ জনালো যে তেওঁলোকে নিজৰ নিজৰ ম'বাইলত আৰোগ্য সেতু ডাইনলোড কৰে ।"

ABOUT THE AUTHOR

...view details