অসম

assam

ETV Bharat / bharat

বিন লাডেনৰ পুত্ৰৰ মৃত্যু নিশ্চিত কৰিলে ট্ৰাম্পে

অল-কায়দাৰ উত্তৰাধিকাৰী হিচাপে গণ্য কৰা হামজা বিন লাডেনৰ মৃত্যু হৈছে বুলি নিশ্চিতি প্ৰদান কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৷

By

Published : Sep 15, 2019, 10:36 AM IST

হামজা বিন লাডেনৰ মৃত্যু হৈছেঃ ড’নাল্ড ট্ৰাম্প

নিউজ ডেস্ক, 15 চেপ্টেম্বৰঃ মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শনিবাৰে অল-কায়দাৰ প্ৰতিষ্ঠাপক ওছামা বিন লাডেনৰ পুত্ৰ হামজা বিন লাডেনৰ মৃত্যুৰ কথা নিশ্চিত কৰে। মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, আফগানিস্তান-পাকিস্তান সীমান্তত আমেৰিকাই চলোৱা সন্ত্ৰাসবাদ বিৰোধী অভিযানত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শনিবাৰে হামজা বিন লাডেনৰ মৃত্যু হৈছে বুলি ঘোষণা কৰে ৷ অল-কায়দাৰ উত্তৰাধিকাৰী হিচাপে গণ্য কৰা হৈছিল হামজাক ৷ আফগানিস্তান-পাকিস্তান অঞ্চলত হোৱা সন্ত্ৰাসবাদ বিৰোধি অভিযানত মৃত্যু হৈছিল হামজাৰ ৷ হোৱাইট্ হাউছৰ পৰা প্ৰকাশিত তথ্য অনুসৰি হামজাৰ মৃত্যুৱে অল-কায়দাৰ নেতৃত্বৰ ক্ষেত্ৰত এক শূন্যতাৰ সৃষ্টি কৰিব ৷
বাল্য কালৰ পৰা সন্ত্ৰাসবাদৰ লগত জড়িত থকা হামজা সন্ত্ৰাসবাদৰ ক্ষেত্ৰখনৰ ‘Blue eyed boy’ হিচাপে পৰিগণিত হৈ আহিছিল ৷ চৌদী আৰবৰ জেদ্দাত জন্মগ্ৰহণ কৰিছিল হামজায়ে ৷ ওচামা আৰু খায়ৰিয়াহ চাবৰৰ পুত্ৰ আছিল হামজা ৷ হামজাৰ মৃত্যুৰ সময়ত বয়স আছিল 30 বছৰ ৷

ABOUT THE AUTHOR

...view details