অসম

assam

ETV Bharat / bharat

মুষলধাৰ বৰষুণৰ বাবেই ক্ষতিগ্ৰস্ত পুৰণি দিল্লীৰ ঐতিহাসিক মছজিদ - মছজিদ

পুৰণি দিল্লীৰ ছবৰী বজাৰস্থিত ঐতিহাসিক মছজিদ মুৱাৰক বেগম ক্ষতিগ্ৰস্ত । দেওবাৰে দিল্লীত অহা ধাৰাসাৰ বৰষুণৰ লগতে অহা বজ্ৰপাত পৰিয়ে ক্ষতিগ্ৰস্থ হয় ঐতিহাসিক মছজিদটো ।

দিল্লী
দিল্লী

By

Published : Jul 20, 2020, 3:14 PM IST

নিউজ ডেস্ক, ২০ জুলাইঃদেওবাৰে অহা ধাৰাসাৰ বৰষুণৰ ফলতেই ক্ষতিগ্ৰস্ত হয় পুৰণি দিল্লীস্থিত এটি ঐতিহাসিক মছজিদ । খবৰ অনুসৰি,ছবৰী বজাৰ অঞ্চলত থকা ঐতিহাসিক মছজিদ মুৱাৰক বেগম দেওবাৰে বতাহ,বৰষুণৰ লগতে অহা বজ্ৰপাতৰ ফলতেই ক্ষতিগ্ৰস্ত হয় বুলি জানিবলৈ দিয়ে মছজিদ কমিটিয়ে । কিন্তু ঘটনা সন্দৰ্ভত সৌভাগ্য়ক্ৰমে কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই বুলি জানিবলৈ দিয়ে মছজিদ পৰিচালনা কমিটিৰ অধ্যক্ষ জফৰ আলীয়ে । লগতে অধ্যক্ষ গৰাকীয়ে কয় যে,এই মছজিদটো ৱাকফ বোৰ্ডৰ অধীনত পৰে । লগতে প্ৰত্নতত্ত্ব বিভাগ এই মছজিদটো ঐতিহাসিক বুলিও ঘোষণা কৰিছে ।

মুষলধাৰ বৰষুণৰ বাবেই ক্ষতিগ্ৰস্ত পুৰণি দিল্লীৰ ঐতিহাসিক মছজিদ

আনহাতে, পুৰণি দিল্লীৰ জনপ্ৰিয় মঞ্চ "Purani Dilli Walon ki Baatein" টুইটযোগে কয় যে, ১৮২৮ চনত নিৰ্মাণ কৰা ঐতিহাসিক মছজিদ মুৱাৰক বেগম মুষলধাৰ বৰষুণৰ বাবেই দেওবাৰে ক্ষতিগ্ৰস্ত হয় । মছজিদটোৰ আৰ্কিটেকছাৰৰ বাবেই এই মছজিদটো অদ্বিতীয় । কিন্তু বজ্ৰপাতৰ বাবেই ক্ষতিগ্ৰস্ত হয় মছজিদটো ।

লগতে চাওকঃ ৰাজ্যত বানে পুনৰ প্ৰাণ কাঢ়িলে 5 জনকৈ লোকৰ

ABOUT THE AUTHOR

...view details