অসম

assam

ETV Bharat / bharat

17 বছৰীয়া কিশোৰীৰ পেটৰ পৰা ওলাল ডেৰ কেজি চুলি - ঝাড়গ্ৰাম জিলা চুপাৰ স্পেছিয়ালিটি হাস্পতাল

ঝাড়গ্ৰাম জিলা চুপাৰ স্পেছিয়েলিটি হাস্পতালত কিছুদিন পূৰ্বে পেটৰ বিষ আৰু বমিৰ চিকিৎসাৰ বাবে এগৰাকী কিশোৰী ভৰ্তি হয় ৷ পৰৱৰ্তী সময়ত এনড্ৰ’স্কোপিৰ জৰিয়তে চিকিৎসক গৈৰিক মাঝিয়ে কিশোৰীগৰাকীৰ পেটত চুলিৰ উপস্থিতি ধৰা পেলায় ৷ বৃহস্পতিবাৰে অপাৰেশ্যনৰ জৰিয়তে কিশোৰীগৰাকীৰ পেটৰ পৰা ডেৰ কেজি চুলি উলিওৱা হয় ৷

Doctors remove 1.5 kg hair from stomach of a teenage girl
17 বছৰীয়া কিশোৰীৰ পেটৰ পৰা ওলাল ডেৰ কেজি চুলি

By

Published : Aug 7, 2020, 8:20 AM IST

Updated : Aug 7, 2020, 9:05 AM IST

নেশ্যনেল ডেক্স,7 আগষ্টঃপশ্চিম বংগৰ ঝাড়গ্ৰামত পোহৰলৈ আহিছে এক আশ্বৰ্যকৰ ঘটনা ৷ 17 বছৰীয়া কিশোৰীৰ পেটৰ পৰা ওলাল প্ৰায় ডেৰ কেজি ওজনৰ চুলি ৷ উল্লেখ্য যে,ঝাড়গ্ৰাম জিলা চুপাৰ স্পেছিয়েলিটি হাস্পতালত কিছুদিন পূৰ্বে পেটৰ বিষ আৰু বমিৰ চিকিৎসাৰ বাবে এগৰাকী কিশোৰী ভৰ্তি হয় ৷ পৰৱৰ্তীসময়ত এনড্ৰ’স্কোপিৰ জৰিয়তে চিকিৎসক গৈৰিক মাঝিয়ে কিশোৰীগৰাকীৰ পেটত চুলিৰ উপস্থিতি ধৰা পেলায় ৷ বৃহস্পতিবাৰে অপাৰেশ্যনৰ জৰিয়তে কিশোৰীগৰাকীৰ পেটৰ পৰা ডেৰ কেজি চুলি উলিওৱা হয় ৷

17 বছৰীয়া কিশোৰীৰ পেটৰ পৰা ওলাল ডেৰ কেজি চুলি

জানিব পৰা মতে প্ৰায় চাৰি বছৰ ধৰি কিশোৰীগৰাকীয়ে মানসিক অৱসাদ দূৰ কৰাৰ বাবে নিজৰ চুলি খাবলৈ আৰম্ভ কৰিছিল ৷ এই ধৰণৰ মানসিক ৰোগক ‘ট্ৰাইকোটিলো মেনিয়া’বুলি কোৱা জনা যায় ৷ প্ৰতি পঞ্চাশ লাখ লোকৰ ভিতৰত চাৰি পাঁচজনৰ মাজত এনে ধৰণৰ মানসিক ৰোগ লক্ষণ দেখা যায় ৷

সম্প্ৰতি কিশোৰীগৰাকীক পৰ্যবেক্ষণৰ ৰখা হৈছে আৰু তেখেতক সুস্থ কৰি তোলাৰ বাবে মনোবিজ্ঞানীৰ সহায় লোৱা হৈছে ৷

লগতে পঢ়ক- বাতৰি কাকত বিতৰণৰ পৰা বিশ্ববিদ্যালয়ৰ গৱেষণালৈ, নলবাৰীৰ এগৰাকী ছাত্ৰৰ সংগ্ৰাম

Last Updated : Aug 7, 2020, 9:05 AM IST

ABOUT THE AUTHOR

...view details