অসম

assam

ETV Bharat / bharat

প্ৰসংগ NRC: উৰাবাতৰিত ভোল নাযাবলৈ গৃহ মন্ত্ৰালয়ৰ আহ্বান - NRC Assam

গৃহ মন্ত্ৰলায়ৰ পৰা ৰাইজলৈ আহ্বান-যাতে কোনো লোকেই উৰা বাতৰিৰ কবলত পৰি শংকিত হৈ নপৰে ৷ ইপিনে এই বুলিও প্ৰকাশ কৰা যে, এন আৰ চিত কোনো লোকৰ নাম নাহিলেই তেওঁ বিদেশী বুলি ঘোষণা কৰা নহয় ৷ নাম বাদ পৰা সকলো লোকেই বিদেশী ন্যায়াধীকৰণত আবেদন কৰিব পাৰিব ৷

প্ৰসংগ NRC: উৰাবাতৰিত ভোল নাযাবলৈ গৃহ মন্ত্ৰালয়ৰ আহ্বান

By

Published : Aug 30, 2019, 3:21 PM IST

নিউজ ডেস্ক,30 আগষ্টঃ এন আৰ চি প্ৰকাশ পাবলৈ মাজত মাত্ৰ আৰু কেইটামান ঘণ্টাৰ ব্যৱধান ৷ ৰাজ্যৰ কেউদিশে অব্যাহত আছে গভীৰ উৎকন্ঠা ৷ এন আৰ চি প্ৰকাশৰ পাছত যাতে আইন-শৃংখলা যাতে বিঘ্নিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্কতা অৱলম্বন কৰি ইতিমধ্যে ৰাজ্যত মোতায়েন কৰা হৈছে কেন্দ্ৰীয় শসস্ত্ৰ বাহিনীৰ 51টা কোম্পানীক ৷

ইয়াৰ লগতে গৃহ মন্ত্ৰলায়ৰ পৰা ৰাইজলৈ আহ্বান-যাতে কোনো লোকেই উৰা বাতৰিৰ কবলত পৰি শংকিত হৈ নপৰে ৷ ইপিনে এই বুলিও প্ৰকাশ কৰা যে,এন আৰ চি ত কোনো লোকৰ নাম নাহিলেই তেওঁ বিদেশী বুলি ঘোষণা কৰা নহয় ৷ নাম বাদ পৰা সকলো লোকেই বিদেশী ন্যায়াধীকৰণত আবেদন কৰিব পাৰিব ৷

ইপিনে, ভাৰত-বাংলা সীমান্তটো বৃদ্ধি কৰিছে সুৰক্ষা ব্যৱস্থা ৷ কেন্দ্ৰীয় চৰকাৰেও সঘনাই যোগাযোগ অব্যাহত ৰাখিছে ৰাজ্য চৰকাৰৰ সৈতে ৷

ABOUT THE AUTHOR

...view details