অসম

assam

By

Published : Oct 26, 2020, 10:53 PM IST

ETV Bharat / bharat

মতবিৰোধক ইচ্ছাকৃতভাৱে সন্ত্ৰাসবাদ হিচাপে দমন কৰা হৈছে : ছোনিয়া

বিহাৰ বিধানসভা নিৰ্বাচনৰ আগে আগে মোডী চৰকাৰক কটুক্তি কংগ্ৰেছৰ সভাপতি ছোনিয়া গান্ধীৰ ৷ ছোনিয়াই অভিযোগ কৰে যে গণতন্ত্ৰৰ সকলো স্তম্ভকে আক্ৰমণ কৰা হৈছে ৷ ভাৰতৰ অৰ্থনীতি যথেষ্ট সংকটত বুলিও তেওঁ অভিযোগ কৰে ৷

মতবিৰোধক ইচ্ছাকৃতভাৱে সন্ত্ৰাসবাদ হিচাপে দমন কৰা হৈছে : ছোনিয়া
মতবিৰোধক ইচ্ছাকৃতভাৱে সন্ত্ৰাসবাদ হিচাপে দমন কৰা হৈছে : ছোনিয়া

নেশ্যনেল ডেস্ক, 26 অক্টোবৰ:বিহাৰ নিৰ্বাচনৰ আগে আগে মোডী চৰকাৰক আক্ৰমণ কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ ৷ মোডী চৰকাৰে নাগৰিক সমাজৰ প্ৰতিনিধি তথা ৰাজনৈতিক বিৰোধী সকলক লক্ষ্য কৰি লোৱাৰ অভিযোগ উত্থাপন কৰি ছোনিয়াই কয় যে এই চৰকাৰে মতবিৰোধক সম্পূৰ্ণ ইচ্ছাকৃতভাৱে সন্ত্ৰাসবাদ আৰু ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপৰ নাম দি দমন কৰিব খুজিছে ৷

এখন কাকতত আৰু পাছত কংগ্ৰেছৰ দ্বাৰা প্ৰকাশিত এক লিখনিত ছোনিয়াই অভিযোগ উত্থাপন কৰি কৈছে যে ভাৰতৰ অৰ্থনীতি বৰ্তমান এক সংকটজনক অৱস্থাত ৰৈছে ৷ বিৰোধী নেত্ৰী গৰাকীয়ে লগতে ইয়াকো কয় যে প্ৰকৃততে সকলোতে ৰাষ্ট্ৰীয় সুৰক্ষাৰ কথা কৈ ভাৰতবাসীৰ প্ৰকৃত সমস্যাসমূহক এই চৰকাৰে আওকান কৰিছে ৷

তেওঁ কয় যে বাস্তৱিকতে কিছুমান এনে সমস্যা আছে যিসমূহ কোনো কৃপনালী নকৰাকৈ সমাধান কৰাৰ প্ৰয়োজনীয়তা আছে কিন্তু মোডী চৰকাৰে প্ৰত্যেক ৰাজনৈতিক প্ৰতিবাদৰ আঁৰত ষড়যন্ত্ৰত লিপ্ত হৈ পৰে ৷

লগতে পঢ়ক:ভাৰত-আমেৰিকাৰ মাজত প্ৰতিৰক্ষা মন্ত্ৰীস্তৰীয় আলোচনা

For All Latest Updates

ABOUT THE AUTHOR

...view details