ভাৰতে COVID-১৯ ৰ ফলত গভীৰ জনস্বাস্থ্য আৰু অৰ্থনৈতিক সংকটৰ পিনে ধাৱমান হোৱাৰ সময়তে ৰাজ্য চৰকাৰসমূহে শ্ৰমিকৰ আইনগত অধিকাৰ খৰ্ব কৰা উপায় অৱলম্বন কৰিবলৈ লৈছে । উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ আৰু গুজৰাটৰ ৰাজ্য চৰকাৰে বহুকেইখন শ্ৰম আইন বাতিল কৰাৰ কথা ঘোষণা কৰিছে । শ্ৰমিক-কৰ্মচাৰীসকলক বহু ক্ষেত্ৰত সুৰক্ষা প্ৰদান কৰা নীতি-নিয়মসমূহ উদ্যোগ, ব্যৱসায়িক প্ৰতিষ্ঠান আদিৰ পৰা প্ৰত্যাহাৰ কৰি বিনিয়োগকাৰীক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰা হৈছে । এই আইনবোৰে ন্যূনতম পাৰিশ্ৰমিক, চাকৰিৰ পৰা অব্যাহতি, বৃত্তিগত সুৰক্ষা আৰু কাম কৰাৰ পৰিৱেশ আদিৰ ক্ষেত্ৰত যথেষ্ট সুৰক্ষা প্ৰদান কৰে । ৰাজস্থান, পাঞ্জাৱ, হাৰিয়ানা, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ড আদি ৰাজ্যয়ো কৰ্ম সময় বৃদ্ধি আদিকে ধৰি কিছু পৰিমাণে এই আইনসমূহ শিথিল কৰাৰ কথা ঘোষণা কৰিছে । একে সিদ্ধান্ত আৰু অধিক ৰাজ্যই লোৱাৰ সম্ভাৱনা আছে ।
উত্তৰ প্ৰদেশত শ্ৰম আইনৰ ব্যাপক পৰিৱৰ্তন সাধন কৰা হৈছে । যোগী আদিত্যনাথ নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে উত্তৰ প্ৰদেশত নিৰ্দিষ্ট শ্ৰমিক আইনৰ পৰা ৰেহাই অধ্যাদেশ ২০২০ জাৰি কৰে যিখন অধ্যাদেশে তিনি বছৰৰ বাবে প্ৰায় সকলোবোৰ শ্ৰম আইনকে বাতিল কৰে । যিসমূহ শ্ৰম আইন বৰ্তি আছে তাৰ ভিতৰত আছে অট্টালিকা আৰু আন নিৰ্মাণ কাৰ্য শ্ৰমিক আইন ১৯৯৬, শ্ৰমিক ক্ষতিপূৰণ আইন ১৯২৩, বণ্ডেড লেবাৰ ছিষ্টেম (এবলিশ্বন) আইন ১৯৭৬, আৰু পাৰিশ্ৰমিক আদায় আইন ১৯৩৬ ৰ ৫ নং অনুচ্ছেদ । কিন্তু ন্যূনতম পাৰিশ্ৰমিক আইন ১৯৪৮, ঔদ্যোগিক বিবাদ আইন ১৯৪৭ আৰু কৰ্মস্থানৰ পৰিৱেশৰ লগত জড়িত তেনেধৰণৰ ত্ৰিশখন আইন সাময়িকভাৱে বাতিল কৰা হৈছে ।
উত্তৰ প্ৰদেশৰ ঘোষণাৰ পাচত মধ্য প্ৰদেশ আৰু গুজৰাটৰ ৰাজ্য চৰকাৰেও অনুৰূপ সিদ্ধান্ত গ্ৰহণ কৰিছে । এই উপায়সমূহৰ জৰিয়তে কৰ্মচাৰীক ইচ্ছামতে প্ৰতিষ্ঠানসমূহে নিযুক্তি আৰু বহিষ্কাৰ কৰিব পাৰে, নতুন প্ৰতিষ্ঠানসমূহক সুৰক্ষা আৰু স্বাস্থ্যজনিত নীত-নিয়মৰ পৰা আঁতৰাই ৰখাৰ লগতে প্ৰতিষ্ঠানসমূহক কৰ্মচাৰীক দিনটোৰ দীঘলীয়া সময়ৰ বাবে কাম কৰাবলৈ অনুমতি দিয়ে । ৰাজস্থান, পাঞ্জাৱ, হাৰিয়ানা, হিমাচল প্ৰদেশ আদি চৰকাৰে প্ৰতিদিনে আঠ ঘণ্টাৰ পৰা বাৰ ঘণ্টালৈ কৰ্ম সময় বৃদ্ধি কৰাৰ স্বাধীনতা দিছে যদিও নিয়োগকৰ্তাই কৰ্মচাৰীক অতিৰিক্ত সময়ৰ বাবে অধিক পাৰিশ্ৰমিক প্ৰদান কৰিব লাগিব ।
উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশত শ্ৰম আইনৰ ব্যাপক পৰিৱৰ্তন বা বাতিলকৰণৰ পৰিপ্ৰেক্ষিতত ট্ৰেড ইউনিয়ন, ৰাজহুৱা কৰ্মী আৰু বিৰোধী ৰাজনৈতিক দলসমূহে তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে । দেশৰ সম্পদ সৃষ্টি কৰা শ্ৰমিক-কৰ্মচাৰী শ্ৰেণীটোৰ ওপৰত দাসত্বৰ চৰ্ত আৰোপ কৰাৰ এয়া বৰ্বৰ সিদ্ধান্ত বুলি চিটুৱে সমালোচনা কৰিছে । কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ মতে কৰ'ণা ভাইৰাছৰ সংকটক মানৱ অধিকাৰ খৰ্ব কৰাৰ অজুহাত হিচাপে গ্ৰহণ কৰিব নোৱাৰি । এই সংকটে নিৰাপত্তাহীন কৰ্মস্থলী, শ্ৰমিকৰ শোষণ আৰু তেওঁলোকৰ কণ্ঠ ৰোধ কৰাৰ অনুমতি নিদিয়ে । আনকি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰ এছ এছ) অধীনস্থ ভাৰতীয় মজদুৰ সংঘয়ো এনেধৰণৰ সিদ্ধান্তসমূহক সমালোচনা কৰিছে ।
এই ৰাজ্যসমূহত শ্ৰম আইনৰ বাতিলকৰণে গুৰুতৰ সাংবিধানিক আৰু আইনী প্ৰশ্নৰ অৱতাৰণা কৰিছে । সংবিধানৰ সপ্তম অনুসূচীৰ সমৱৰ্তী তালিকাত শ্ৰমৰ বিষয়টো অন্তৰ্ভুক্ত । গতিকে কেন্দ্ৰ আৰু ৰাজ্য দুয়োখন চৰকাৰে এই বিষয়ত আইন প্ৰণয়ন কৰিব পাৰে । বৰ্তমান বিভিন্ন শ্ৰম বিষয়ক ৪৪ খন কেন্দ্ৰীয় আইন আৰু এশখন ৰাজ্যিক আইন আছে । ৰাজ্যৰ বিধান মণ্ডলে কেন্দ্ৰীয় শ্ৰম আইনবোৰো সংশোধন ঘটাব পাৰে । কিন্তু সংবিধানৰ ২৫৪ (২) অনুচ্ছেদ অনুসৰি যদি কেন্দ্ৰৰ পৰা ভিন্ন কোনো আইনী ব্যৱস্থা এখন ৰাজ্যই প্ৰণয়ন কৰে তাৰ বাবে ৰাষ্ট্ৰপতিৰ অনুমোদনৰ প্ৰয়োজন হয় । সংবিধানৰ ২১৩ অনুচ্ছেদৰ অধীনত অধ্যাদেশ জাৰি কৰি উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশে কেন্দ্ৰীয় আইন বাতিল কৰিছে । যেতিয়া বিধানসভাৰ অধিৱেশন অনুষ্ঠিত নহয় তেতিয়া জৰুৰী প্ৰয়োজনত ২১৩ নং অনুচ্ছেদে ৰাজ্যপালক আইন প্ৰণনয়ন কৰাৰ অনুমতি দিয়ে ।
যিহেতু ইয়াৰ দ্বাৰা কেন্দ্ৰীয় আইনৰ কাৰ্যকৰিতাক প্ৰভাৱিত কৰা হৈছে গতিকে কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শ অনুসৰি দায়িত্ব পালন কৰা ৰাষ্ট্ৰপতিৰ অনুমোদনৰ প্ৰয়োজন হ’ব । গতিকে এতিয়া খেলখনৰ বলটো নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ । শ্ৰম আইন বাতিল কৰাটোৰ গ্ৰহণযোগ্যতা এতিয়া কেন্দ্ৰীয় চৰকাৰৰ স্থিতিয়ে নিৰ্ধাৰণ কৰিব । যিহেতু এই অধ্যাদেশবোৰে সম্পূৰ্ণৰূপে শ্ৰম আইনক উপেক্ষা কৰিছে গতিকে কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত নিশ্চয় চিন্তা-চৰ্চা কৰিব । কিন্তু বিজেপিয়ে চৰকাৰ চলোৱা উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশত কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত বাধা আৰোপ কৰে নে নাই সেয়াহে হ’ব লক্ষণীয় ।
যদি ৰাষ্ট্ৰপতিয়ে তেওঁৰ অনুমতি প্ৰদান কৰে তথাপিও এই অধ্যাদেশসমূহৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চপাৰ অৱকাশ আছে । এনেধৰণে বিস্তৃতভাৱে শ্ৰম আইন বাতিলকৰণে সংবিধানে প্ৰদান কৰা শ্ৰমিকৰ মৌলিক অধিকাৰ খৰ্ব কৰে । ভাৰতীয় সংবিধানৰ ২৩ নং অনুচ্ছেদে প্ৰতিজন নাগৰিককে বলপূৰ্বক শ্ৰমৰ শোষণৰ বিৰুদ্ধে মৌলিক অধিকাৰ প্ৰদান কৰে । বলপূৰ্বক শ্ৰম কেৱল দাসত্বৰ মাজতে সীমাবদ্ধ নহয়, বৰঞ্চ তাতোকৈ ব্যাপক অৰ্থত ভাৰতৰ উচ্চতম ন্যায়ালয়ে ব্যাখ্যা কৰিছে । এছিয়ান গেমছৰ বাবে নিয়োজিত ঠিকাভিত্তিক কৰ্মীসকলৰ লগতত জড়িত পিপ’লছ ইউনিয়ন ফৰ ডেম’ক্ৰেটিক ৰাইটছ বনাম ভাৰত চৰকাৰৰ (১৯৮২) ঐতিহাসিক গোচৰত উচ্চতম ন্যায়ালয়ে এনেদৰে ৰায় দিয়ে— “যেতিয়া এগৰাকী লোকে আন লোকক প্ৰদান কৰা শ্ৰম বা সেৱাৰ বিনিময়ত ন্যূনতম পাৰিশ্ৰমিকতকৈ কম লাভ কৰে তেতিয়া সেই শ্ৰম বা সেৱা সংবিধানৰ ২৩ নং অনুচ্ছেদৰ অধীনত বলপূৰ্বক শ্ৰমৰ ভিতৰত পৰে ।”
গতিকে ন্যূনতম পাৰিশ্ৰমিক আইন ১৯৪৮ ৰ দৰে শ্ৰমিক আইনবোৰ বাতিলৰ দ্বাৰা সংবিধানৰ মৌলিক অধিকাৰ যে ভংগ কৰা হয় সেয়া স্পষ্ট । এই ধৰণৰ ব্যৱস্থাই আন্তৰ্জাতিক শ্ৰমিক সংগঠনৰ (আই এল অ’) ১৪৪ নং সন্মিলনো ভংগ কৰে । কিন্তু এই সন্মিলনৰ ভাৰতবৰ্ষও স্বাক্ষৰকাৰী । কৰ'ণা ভাইৰাছৰ লক্ ডাউনৰ ফলত ইতিমধ্যে সমস্যাৰ সন্মুখীন হোৱা শ্ৰমিকসকলৰ ক্ষেত্ৰত এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাটো নৈতিকতাৰ পৰিপন্থী । অগ্নিনিৰ্বাপন নিয়ম, টয়লেটৰ বাধ্যবাধকতাৰ লগতে স্বাস্থ্য আৰু নিৰাপত্তাজনিত নিয়মসমূহৰ ক্ষেত্ৰত শিথিলতাই জনস্বাস্থ্যৰ সংকটৰ সময়তে শ্ৰমিকসকলৰ জীৱনক বিপদাপন্ন কৰি তুলিছে । যিহেতু ভাৰতৰ শ্ৰম আইনৰ কিছু আঁসোৱাহ আছে বিশেষকৈ অসংগঠিত খণ্ডৰ ৯০ শতাংশ শ্ৰমিকৰ ক্ষেত্ৰত, চৰকাৰৰ দ্বাৰা এই আইনসমূহ বাতিলকৰণক সংস্কাৰৰ ব্যৱস্থা বুলি মানি ল’ব নোৱাৰি । আনকি এই ধৰণৰ ব্যৱস্থাই সংগঠিত খণ্ডৰ কৰ্মীসকলকো বিপদলৈ ঠেলি দিব ।
লেখক : মেথিউ ইডিকুলা