ক্ষমা খুজিবলৈ অস্বীকাৰ অধিবক্তা প্ৰশান্ত ভূষণৰ - Did not tweet in absent-mindedness: Bhushan
মই ক্ষমা খুজিলে ন্যায়ালয়ক অৱমাননা কৰাৰ অভিযোগ সত্য প্ৰমাণিত হ'ব: অধিবক্তা প্ৰশান্ত ভূষণ। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্য়ায়াধীশ অৰবিন্দ ববড়েৰ এখন ফটো আৰু উচ্চতম ন্যায়ালয়ৰ ৪ গৰাকী প্ৰাক্তন মুখ্য ন্য়ায়াধীশৰ কাৰ্যকলাপক সমালোচনা কৰি টুইট কৰিছিল অধিবক্তা গৰাকীয়ে।
নেশ্যনেল ডেস্ক,২০আগষ্টঃ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায় ব্যৱস্থা আৰু মুখ্য ন্যায়াধীশক সমালোচনা কৰিও ক্ষমা খুজিবলৈ অস্বীকাৰ কৰিছে অধিবক্তা প্ৰশান্ত ভূষণে । যোৱা ২৯ জুনত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্য়ায়াধীশ অৰবিন্দ ববড়ে বাইকত উঠি থকা এখন ফটো ছ'চিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ পিছত সমালোচনা কৰি টুইট কৰিছিল অধিবক্তাগৰাকীয়ে। লকডাউনৰ নামত সৰ্বসাধাৰণক ন্যায় লাভৰ পৰা বঞ্চিত কৰি নিজে বিজেপি নেতাৰ লগত সময় অতিবাহিত কৰা বুলি কটাক্ষ কৰিছিল। ইয়াৰ উপৰিও উচ্চতম ন্যায়ালয়ৰ ৪গৰাকী প্ৰাক্তন মুখ্য ন্য়ায়াধীশৰ কাৰ্যকালত হোৱা বিচাৰৰ ওপৰতো সমালোচনামূলক টুইট কৰিছিল প্ৰশান্ত ভূষণে । ১৪ আগষ্টত ন্যায়ালয়ক অৱমাননা কৰাৰ অপৰাধত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অৰুণ মিশ্ৰৰ নেতৃত্বত গঠিত বিচাৰপীঠে প্ৰশান্ত ভূষণক দোষী সাব্যস্ত কৰে। উল্লেখ্য যে, ক্ষমা খোজাৰ পৰিৱৰ্তে তেওঁ কৰা ভুলৰ বাবে ক্ষতিপূৰণ দিবলৈ সাজু আছে বুলি মন্তব্য কৰে অধিবক্তা প্ৰশান্ত ভূষণে।