অসম

assam

ETV Bharat / bharat

দিল্লীত একে দিনাই দুই ভাতৃৰ আত্মহত্যা - হতাশা

মাতৃৰ বিয়োগৰ পাচত দুই ভাতৃয়ে হতাশাত ভুগি আছিল আৰু সেয়ে তেওঁলোকে আন্মহননৰ পথ বাচি লৈ বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰে ।

দিল্লীত একে দিনাই দুই ভাতৃৰ আত্মহত্যা

By

Published : Jul 2, 2019, 12:03 PM IST

Updated : Jul 2, 2019, 12:46 PM IST

নিউজ ডেস্ক,২ জুলাই :সোমবাৰে নতুন দিল্লীৰ জনকপুৰীত দুই ভাতৃয়ে চিপ লৈ আত্মহত্যা কৰে। মৃত লোক দুজন কুনাল আগৰৱালা আৰু গৌৰৱ আগৰৱালা বুলি চিনাক্ত কৰা হৈছে ।

আৰক্ষীয়ে জনোৱা অনুসৰি মৃত ভাতৃদ্বয়ৰ মাতৃ চলিত বৰ্ষৰ ২৩ মাৰ্চত কৰ্কত ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱতি লৈছিল। আৰু তেওঁলোকৰ পিতৃ বিগত ২০ বছৰে পক্ষাঘাত ৰোগত আক্ৰান্ত হৈ আছে । ইপিনে মাতৃৰ বিয়োগৰ পাচত দুই ভাতৃয়ে হতাশাত ভুগি আছিল আৰু সেয়ে তেওঁলোকে আন্মহননৰ পথ বাচি লৈ বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰে। লগতে আৰক্ষীয়ে মৃত ভাতৃদ্বয়ৰ বাসগৃহৰ পৰা এখন 'ছুইচাইড টোকা' জব্দ কৰে য'ত তেওঁলোকে নিজৰ মৃত্যুৰ দায়ী তেওঁলোক নিজেই বুলি উল্লেখ কৰিছে। দুয়ো ভাতৃয়ে নাৰেলা আৰু চিৰচপুৰস্থিত ব্যক্তিগত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী কৰিছিল।

Last Updated : Jul 2, 2019, 12:46 PM IST

ABOUT THE AUTHOR

...view details