অসম

assam

ETV Bharat / bharat

লক্ ডাউন: অপৰ্যাপ্ত খাদ্য সামগ্ৰীৰ যোগানকলৈ নন্দীগ্ৰামত প্ৰতিবাদ - জ্যোতিপ্ৰিয় মল্লিক

ৰেচন দোকানত প্ৰতিবাদ নন্দীগ্ৰামৰ স্থানীয় লোকৰ । কম পৰিমাণৰ দালি দিয়াৰ উঠিছে অভিযোগ । এই সন্দৰ্ভত ৰাজ্য়িক খাদ্য়মন্ত্ৰীৰ মন্তব্য ৰাজ্য চৰকাৰক বদনাম কৰাৰ এয়া ষড়যন্ত্ৰ ।

Demonstration before ration shop in Nandigram over inadequate supply of food grains
Demonstration before ration shop in Nandigram over inadequate supply of food grains

By

Published : May 4, 2020, 9:51 AM IST

কলকাতা, ৪ মে': দেশত বৰ্তমানো অব্যাহত আছে লক্ ডাউন । লক্ ডাউনৰ মাজতেই বহু লোকৰ মাজত দেখা গৈছে খাদ্য সংকটে । ইয়াৰ মাজতে কলকাতাৰ ইষ্ট মেডিনাপুৰ জিলাৰ নন্দীগ্ৰামত অসংখ্য় লোকৰ প্ৰতিবাদ । পৰ্যাপ্ত পৰিমাণৰ খাদ্য যোগান নধৰাৰ অভিযোগ সুলভ মূল্যৰ দোকানৰ বিৰুদ্ধে । দেওবাৰে প্ৰতিবাদত বহে অসংখ্য লোক ।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, দুপৰীয়া প্ৰায় ২ বজাত প্ৰতিবাদত বহে লোকসকল । গ্ৰাহকক কম পৰিমাণৰ দালি প্ৰদান কৰাৰ অভিযোগ প্ৰতিবাদকাৰীৰ । প্ৰতিবাদকাৰীয়ে আনকি ৰেচন বিতৰণ কৰা লোকজনক বাইকৰ পৰা নমাই ওচৰৰ পুখুৰী এটাত পেলাই দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । অৱশ্যে অৱশেষত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।

এই সন্দৰ্ভত পশ্চিমবংগৰ খাদ্য আৰু অসামৰিক যোগানমন্ত্ৰী জ্যোতিপ্ৰিয় মল্লিকে কয়, এই আন্দোলন চৰকাৰক বদনাম কৰাৰ এক ষড়যন্ত্ৰ । কেন্দ্ৰই ৰাজ্যক প্ৰয়োজনীয় খাদ্যৰ যোগান ধৰা নাই ।

উল্লেখ্য যে, ভানগাৰ অঞ্চলৰ চাউথ ২৪ পাৰগনাছ জিলাতো দুটা ফৈদৰ মাজত ৰেচন কাৰ্ড বিতৰণত বিলম্ব হোৱাৰ বাবে সংঘৰ্ষত লিপ্ত হোৱাৰ ঘটনাও পোহৰলৈ আহিল ।

কেন্দ্ৰই পৰ্যাপ্ত খাদ্য সামগ্ৰী যোগান নধৰা বুলি খাদ্য় মন্ত্ৰীৰ অভিযোগৰ পাচতেই বিজেপিৰ নেতা ৰাহুল সিনহাই এনে পৰিস্থিতি উদ্ভৱ হোৱাৰ বাবে ৰাজ্য় চৰকাৰক পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অযোগ্য বুলি উল্লেখ কৰে । লগতে খাদ্য মন্ত্ৰীগৰাকীক অপসাৰণ কৰাৰো দাবী উত্থাপন কৰে মমতা বেনাৰ্জীক । উল্লেখ্য যে, ইয়াৰ পূৰ্ৱে ২ মে'তো খাদ্য সামগ্ৰী কমকৈ বিতৰণ কৰাকলৈ প্ৰতিবাদ হোৱা দেখা গৈছিল মুৰছিদাবাদ জিলাত ।

ABOUT THE AUTHOR

...view details