অসম

assam

By

Published : Dec 15, 2020, 4:19 PM IST

ETV Bharat / bharat

আজি এবছৰ সম্পূৰ্ণ হল শ্বাহীনবাগৰ প্ৰতিবাদ

কেইবাটাও বিষয়েৰে ২০১৯ চনৰ ১৫ ডিচেম্বৰত নতুন দিল্লীৰ শ্বাহীনবাগত আৰম্ভ হৈছিল তীব্ৰ প্ৰতিবাদ । প্ৰায় ১০০ দিন ধৰি ধাৰাবাহিক ভাৱে চলিছিল এই প্ৰতিবাদ । কিন্তু মাৰ্চ মাহৰ পৰা আৰম্ভ হোৱা কৰণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত লাহে লাহে স্তিমিত হয় এই আন্দোলন । আৰু মাৰ্চ মাহৰ ২৪ তাৰিখে প্ৰায় সমাপ্ত হৈ পৰে গোটেই আন্দোলনটো ।

Today marks a year of protests against CAA, NRC in Shaheen Bagh
Today marks a year of protests against CAA, NRC in Shaheen Bagh

নতুন দিল্লী, ১৫ ডিচেম্বৰঃ নতুন দিল্লীৰ শ্বাহীনবাগত অনুষ্ঠিত নাগৰিকত্ব (সংশোধনী) আইন(কা),ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী আৰু ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়নৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ আজি এবছৰ সম্পূৰ্ণ হয় ।

কেইবাটাও বিষয়েৰে ২০১৯ চনৰ ১৫ ডিচেম্বৰত নতুন দিল্লীৰ শ্বাহীনবাগত আৰম্ভ হৈছিল তীব্ৰ প্ৰতিবাদ । প্ৰায় ১০০ দিন ধৰি ধাৰাবাহিক ভাৱে চলিছিল এই প্ৰতিবাদ । কিন্তু মাৰ্চ মাহৰ পৰা আৰম্ভ হোৱা কৰণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত লাহে লাহে স্তিমিত হয় এই আন্দোলন আৰু মাৰ্চ মাহৰ ২৪ তাৰিখে প্ৰায় সমাপ্ত হৈ পৰে গোটেই আন্দোলনটো ।

এই প্ৰতিবাদৰ ফলত নতুন দিল্লী, নয়দা আৰু ফৰিদাবাদ সংযোগী মূল পথটো প্ৰায় বন্ধ হৈ পৰা লগতে ব্যাহত হৈ পৰিছিল যাতায়াত ব্যৱস্থা । সমান্তৰালভাৱে দিল্লীৰ এন চি আৰৰ লাখ লাখ লোক প্ৰভাৱিত হৈছিল এই প্ৰতিবাদৰ সময়ত । পথ বন্ধ হোৱা ঘটনাটো ইমানেই স্পৰ্শকাতৰ হৈ পৰিছিল যে এই বিষয়ত মাননীয় উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিবলগা হৈছিল ।

উচ্চতম ন্যায়ালয়ে প্ৰতিবাদকাৰীৰ সৈতে আলোচনাত মিলিত হবলৈ এটা প্ৰতিনিধি দলো গঠন কৰি দিছিল ।

যিহেতু এই আন্দোলনত বিপুল সংখ্যক মহিলাই অংশগ্ৰহণ কৰিছিল, সেয়ে ইয়াক মহিলা আন্দোলন বুলিও কোৱা হৈছিল । লাখ লাখ প্ৰতিবাদকাৰীয়ে এই আন্দোলনৰ জৰিয়তে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ বাবে প্ৰতিবাদ জনাইছিল ।

লগতে চাওকঃ অসহায় যুৱতীক ৰক্ষা কৰিবলৈ গৈ আক্ৰমণৰ বলি সাংবাদিক

ABOUT THE AUTHOR

...view details