নেশ্যনেল ডেস্ক, 28 ফেব্ৰুৱাৰীঃবিগত দিনত উত্তৰ-পূব দিল্লীত সমৰ্থক আৰু CAA বিৰোধী প্ৰতিবাদকাৰীসকলৰ মাজত সৃষ্টি হোৱা হিংসাত্মক ঘটনাত গুলীবিদ্ধ হৈ আহত হোৱা লোকসকলক এখন বেচৰকাৰী চিকিৎসালয়ত স্থানান্তৰ কৰা হৈছে, য'ত তেওঁলোকক সম্পূৰ্ণ বিনীমূলীয়াকৈ চিকিৎসা প্ৰদান কৰা হৈছে ৷ উত্তৰ-পূৱ দিল্লীৰ নিউ মোস্তাফাবাদৰ আল-হিন্দ চিকিৎসালয়ৰ এম.এ আনোৱাৰে কয়, 'ইয়াত অহা ৰোগীসকলৰ প্ৰায় 75% লোক গুলীবিদ্ধ হৈছে ৷' তেওঁ উল্লেখ কৰা অনুসৰি আন আ আহত লোকসকল চুৰিকাঘাত হোৱা লোক ৷ ইয়াৰোপৰি তেওঁ কয় যে, চিকিৎসালৰ কৰ্মীসকলে বিগত চাৰিদিন ধৰি টোপনি মৰা নাই ৷ কিয়নো প্ৰতি ঘন্টাতো চিকিৎসালয়খনত আহত লোকৰ সংখ্যা বৃদ্ধি পাই আছে ৷
আল-হিন্দ চিকিৎসালয়ত বিনামূলীয়া চিকিৎসা প্ৰদান দিল্লীৰ হিংসাত্মক ঘটনাত আহতসকলক - এখন বেচৰকাৰী চিকিৎসালয়ত স্থানান্তৰ
উত্তৰ-পূব দিল্লীৰ হিংসাত্মক ঘটনাত গুলীবিদ্ধ হৈ আহত হোৱা লোকসকলক এখন বেচৰকাৰী চিকিৎসালয়ত স্থানান্তৰ কৰা হৈছে,য'ত তেওঁলোকক সম্পূৰ্ণ বিনীমূলীয়াকৈ চিকিৎসা প্ৰদান কৰা হৈছে ৷
দিল্লীৰ হিংসাত্মক ঘটনাত আহতসকল
উল্লেখ্য যে, উত্তৰ-পূৱ দিল্লীত সংঘটিত এই দশকৰ আটাইতকৈ ভয়াৱহ হিংসাত্মত ঘটনাত অতি কমেও 37 গৰাকী লোকৰ প্ৰাণহানি হয় আৰু 200তকৈয়ো অধিক লোক আহত হয় ৷ দেওবাৰে সুত্ৰপাত হোৱা এই ঘটনাৰ তিনি দিনৰ ভিতৰত সেই স্থানত শতাধিক বাহন, দোকান আৰু ঘৰ দুইত জাহ যায় ৷ বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত দিল্লী আৰক্ষী বিফল হোৱাৰ বাবে তেওঁলোকৰ দক্ষতাৰ ওপৰত বহুতো প্ৰশ্ন উত্থাপন হৈছে ৷
লগতে পঢ়কঃCAA ৰ বিৰুদ্ধে আন্দোলন কৰি গৃহ মন্ত্ৰালয়ৰ ৰোষত বিদেশী ছাত্ৰী