নিউজ ডেস্ক,19 ডিচেম্বৰ :শুকুৰবাৰে দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে নিৰ্ভয়া ধৰ্ষণ কাণ্ডৰ লগত জড়িত থকা পৱন কুমাৰ গুপ্তাৰ ক্ষমা আৱেদন ৷ দেশ জোকাৰি যোৱা এই ধৰ্ষণ কাণ্ডৰ লগত জড়িত থকা চাৰিজন ব্যক্তিৰ ভিতৰত অন্যতম এজন আছিল পৱন কুমাৰ গুপ্তা ৷ যি সময়ত ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল সেই সময়ত পৱন নাবালক আছিল বুলি দাবী কৰি ৰেহাইৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল দোষী পৱন গুপ্তাই ৷
উল্লেখ্য যে, 2012 চনৰ 16 ডিচেম্বৰত সংঘটিত হৈছিল দেশক লজ্জানত কৰা এক ভয়ংকৰ ঘটনা ৷ ৰাজধানী দিল্লীত এখন বাছত এগৰাকী 23 বছৰীয়া যুৱতীক 5 জন লোকে প্ৰথমে ধৰ্ষণ কৰি আক্ৰমণ কৰি পথৰ দাঁতিত পেলাই থৈ গৈছিল ৷ ইফালে, যুৱতীগৰাকীৰ লগত থকা বন্ধুকেইজনকো আক্ৰমণ কৰি বাছৰ পৰা পেলাই দিছিল ৷ যুৱতীগৰাকীয়ে 13 দিনে মৃত্যুৰ সৈতে যুঁজি-যুঁজি অৱশেষত মৃত্যুবৰণ কৰিছিল ৷ এই ঘটনা সংঘটিত হোৱাৰ পাছতেই সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি হৈছিল আৰু দোষীক শাস্তিৰ বাবে দাবী জনাইছিল ৷
এই জঘন্য ঘটনাৰ লগত থকা জড়িত থকা মুকেশ,পৱন কুমাৰ গুপ্তা,বিনয় শৰ্মা আৰু অক্ষয় কুমাৰ সিঙক গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ডৰ ৰায় দিছিল দিল্লী আদালতে ৷ কিন্তু এই ঘটনাৰ লগত জড়িত থকা এজন যুৱকক আদালতে মৃত্যুদণ্ডৰ শাস্তি দিব পৰা নাছিল কিয়নো ঘটনা সংঘটিত হোৱা সময়ত যুৱকজন নাবালক আছিল ৷ যুৱকজনক জুভেনাইল লৈ প্ৰেৰণ কৰিছিল ৷