নেশ্যনেল ডেস্ক, 9 আগষ্ট :প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি পুৱা 10 বজাত কিছু গুৰুত্বপূৰ্ণ ঘোষণা কৰিব ৷ এই কথা প্ৰকাশ কৰে RMO (ৰক্ষা মন্ত্ৰী অফিচ)ৰ চৰকাৰী টুইটাৰ একাউন্টৰ পৰা ৷
শনিবাৰে গলৱান অঞ্চলত ভাৰত আৰু চীনৰ মিলিটাৰী প্ৰতিনিধিয়ে আলোচনাত মিলিত হোৱাৰ এদিন পাচতে প্ৰদান কৰা হয় এই বিবৃতি ৷ এই আলোচনাৰ মূল উদ্দেশ্য আছিল ডেচপাঙৰ বিপৰীত দিশত 15,000 চীনা সৈন্য মোতায়েন কৰাৰ পাচৰ ডেচপাং সমতলৰ পৰিস্থিতি ৷
দুয়ো পক্ষই বহু সংখ্যক সৈন্য মোতায়েন কৰা লাডাখৰ এই অঞ্চলৰ পৰা চীনৰ সৈন্য উভতাই নিয়াৰ লগতে কোনো নিৰ্মাণকাৰ্য নকৰিবলৈ ভাৰতে চীনক অনুৰোধ কৰিছিল ৷
বৰ্তমানলৈকে দুই দেশৰ মাজত সীমান্ত বিবাদ সম্পৰ্কত পাঁচখন মিলিটাৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে ৷ গলৱান উপত্যকাত দুই দেশৰ সেনাৰ সংঘৰ্ষৰ ফলত প্ৰাণ হেৰুৱাই 20 গৰাকী ভাৰতীয় সেনাই ৷ 15 জুনত সংঘটিত হৈছিল এই মৰ্মান্তিক ঘটনা ৷
লগতে পঢ়ক :দিল্লী বিমান বন্দৰত উপস্থিত হ'ল অখিলেশ কুমাৰৰ নশ্বৰদেহ