কাঠমাণ্ডু,2 এপ্ৰিলঃ নেপালত ধুমুহা বৰষুণত নিহত লোকৰ সংখ্যা বৃদ্ধি ৷ দেওবাৰে বাৰা আৰু পাৰচা জিলাত ধুমুহা বৰষুণে বিধ্বংসী ৰূপ লোৱাৰ ফলত 35 জন লোক নিহত হোৱাৰ উপৰিও চাৰিশৰো অধিক লোক আহত হয় ৷ আহতসকলক বিভিন্ন স্বাস্থ্য কেন্দ্ৰত চিকিৎসা প্ৰদান কৰি থকা হৈছে বুলি বিভাগীয় সূত্ৰত প্ৰকাশ ৷
নেপালত ধুমুহা বৰষুণৰ বিধ্বংসী ৰূপ,35 জনৰ মৃত্যু - RAINSTORM
দেওবাৰে বাৰা আৰু পাৰচা জিলাত ধুমুহা বৰষুণে বিধ্বংসী ৰূপ লোৱাৰ ফলত 35 জন নিহত হোৱাৰ উপৰিও চাৰিশৰো অধিক লোক আহত হয় ৷
RAINSTORM
দেশখনৰ গৃহ মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি আহত সকললৈ বিনামূলীয়া চিকিৎসা সেৱাআগবঢ়োৱাৰ উপৰিও নিহতৰ পৰিয়াললৈতিনিলাখ টকাৰ সাহাৰ্যঘোষণা কৰিছে ৷ দেশখনৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলীয়ে প্ৰকাশ কৰা অনুসৰি উদ্ধাৰকাৰী বাহিনীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ৷