নেশ্যনেল ডেস্ক, ২৮ মে': ৰাঁচীৰ চানহো ব্লকৰ এখন সামুহিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকৰ দ্বাৰা এগৰাকী লোকক মৃত বুলি ঘোষণা কৰা হৈছিল । কিন্তু লোকজনৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰস্তুতি কৰি থকাৰ সময়ত তেওঁ উশাহ লৈ আছিল বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে ।
ৰাঁচীত মৰণোত্তৰ পৰীক্ষাৰ সময়তো এজন লোক জীৱিত অৱস্থাত থকাৰ দাবী পৰিয়ালবৰ্গৰ - মৃত
এগৰাকী লোকক মৃত বুলি ঘোষণা কৰাৰ পিচত মৰণোত্তৰ পৰীক্ষাৰ প্ৰস্তুতি কৰি থকাৰ সময়তো লোকজনে উশাহ লৈ আছিল বুলি জানিবলৈ দিয়ে তেওঁৰ পৰিয়ালবৰ্গই ।
'Dead man' comes 'alive' on postmortem table in Ranchi
পৰিয়ালৰ লোকে এই বিষয়ে ততাতৈয়াকৈ স্বাস্থ্য বিষয়া সকলক অৱগত কৰিছিল আৰু সেই মৰ্মে লোকজনক জৰুৰীকালীন বিভাগলৈ নিয়া হৈছিল যদিও স্বাস্থ্য কেন্দ্ৰটোৰ লোকে পুনৰবাৰ তেওঁক মৃত বুলি ঘোষণা কৰে । নিহত লোকজন খাৰতা গাঁৱৰ নিবাসী আছিল । গাঁৱৰ এটা তম্বু ভাঙি থকাৰ সময়ত উচ্চ ক্ষমতাসম্পন্ন বিদ্যুতৰ তাঁৰৰ সংস্পৰ্শত আহিছিল লোকজন ।