অসম

assam

ETV Bharat / bharat

COVID-19ৰ ভেকচিনৰ ক্ষেত্ৰত দ্বিতীয় আৰু তৃতীয় স্তৰৰ মানৱ ক্লিনিকেল পৰীক্ষাৰ অনুমতি DCGIৰ - Central Drugs Standard Control Organization

ভাৰতত সম্ভাৱনাপূৰ্ণ COVID-19ৰ ভেকচিনৰ ক্ষেত্ৰত ভাৰতৰ শীৰ্ষ ঔষধ নিয়ন্ত্ৰক- ড্ৰাগছ কনট্ৰ’লাৰ জেনেৰেল অৱ ইণ্ডিয়া (DCGI)য়ে চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া (SII)ক দ্বিতীয় আৰু তৃতীয় স্তৰৰ মানৱ ক্লিনিকেল পৰীক্ষাৰ অনুমতি প্ৰদান কৰে ৷

DCGI nod to Serum Institute of India for phase 2 and 3 human clinical trials of Oxford vaccine candidate
COVID-19ৰ ভেকচিনৰ ক্ষেত্ৰত দ্বিতীয় আৰু তৃতীয় স্তৰৰ মানৱ ক্লিনিকেল পৰীক্ষাৰ অনুমতি DCGIৰ

By

Published : Aug 3, 2020, 10:14 AM IST

নিউজ ডেস্ক, 3 আগষ্ট: ভাৰতৰ শীৰ্ষ ঔষধ নিয়ন্ত্ৰক- ড্ৰাগছ কনট্ৰ’লাৰ জেনেৰেল অৱ ইণ্ডিয়া (DCGI)য়ে চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া (SII)ক ভাৰতত সম্ভাৱনাপূৰ্ণ COVID-19ৰ ভেকচিনৰ ক্ষেত্ৰত দ্বিতীয় আৰু তৃতীয় স্তৰৰ মানৱ ক্লিনিকেল পৰীক্ষাৰ অনুমতি প্ৰদান কৰে ৷ জ্যেষ্ঠ চৰকাৰী বিষয়াই সদৰি কৰে এই কথা ৷

দ্ৰুত নিয়ন্ত্ৰক প্ৰতিক্ৰিয়া হিচাপে,এই প্ৰস্তাৱটো চলিত সপ্তাহৰ আৰম্ভণিতে এক সভাৰ মাধ্যমেৰে SECৰ জৰিয়তে বিবেচনা কৰা হৈছিল ৷ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ বিচাৰৰ প্ৰথম আৰু দ্বিতীয় স্তৰত ভেকচিনযোগে পোৱা তথ্য সম্পৰ্কে বিবেচনা কৰাৰ পাচত কমিটিয়ে COVISHIELD (SII-ChAdOx1 nCoV-19) সুস্বাস্থ্যৱান বয়োজ্যেষ্ঠসকলৰ দ্বিতীয় আৰু তৃতীয় মানৱ ক্লিনিকেল পৰীক্ষাৰ অনুমতি দিয়াৰ বাবে আবেদন জনায় ৷

গৱেষণা অনুসৰি,প্ৰত্যেকটো বিষয়ত 4 সপ্তাহৰ ভিতৰত ডোজ দিয়া হ’ব ৷ ইয়াৰ পাচত সুৰক্ষাৰ ক্ষমতাৰ পূৰ্বনিৰ্ধাৰিত বিৰতিৰ ওপৰত মূল্যাংকণ কৰা হ’ব ৷

চৰকাৰী কৰ্তৃপক্ষই সদৰি কৰা মতে, ফাৰ্মা ফৰ্ম Data Safety Monitoring Board (DSMB)ৰ দ্বাৰা মূল্যাংকণ কৰা সুৰক্ষা ডাটাসমূহ Central Drugs Standard Control Organization (CDSCO)ত জমা কৰাৰ পূৰ্বে যাতে সেইসমূহ মানৱ ক্লিনিকেল পৰীক্ষাৰ স্তৰ-3লৈ আগবাঢ়িব পাৰে ৷

সম্প্ৰতি অক্সফ’ৰ্ড ভেকচিনৰ দ্বিতীয় আৰু তৃতীয় স্তৰৰ মানৱ ক্লিনিকেল পৰীক্ষা চলি আছে ৷ তৃতীয় স্তৰৰ মানৱ ক্লিনিকেল পৰীক্ষা ব্ৰাজিলত, প্ৰথম আৰু দ্বিতীয় স্তৰৰ মানৱ ক্লিনিকেল পৰীক্ষা দক্ষিণ আফ্ৰিকাত সম্পন্ন হৈছে ৷

লগতে পঢ়ক :আজি বিশ্ব সংস্কৃত দিৱস

ABOUT THE AUTHOR

...view details