নিউজ ডেস্ক, 11 জুলাইঃ মাওবাদৰ বিৰুদ্ধে যুঁজ দিবলৈ আৰক্ষীৰ আৰু প্ৰয়োজন নহয় বন্দুক কিম্বা বাৰুদৰ ৷ কিয়নো ছত্তিশগড় আৰক্ষীয়ে বিচাৰি উলিয়াইছে এক অভিনৱ পন্থা ৷
নক্সালবাদ প্ৰতিৰোধৰ নতুন ষ্ট্ৰেটেজীঃ চুটি ছবি নিৰ্মাণ - আৰক্ষী অধীক্ষক
দীৰ্ঘদিন ধৰি চলি অহা মাওবাদ আৰু নক্সালবাদ সমস্যাৰ সমাধানৰ বাবে নতুন ষ্ট্ৰেটেজী গ্ৰহণ কৰিছে ছত্তিশগড় আৰক্ষীয়ে ৷ মাওবাদৰ কেন্দ্ৰ হিচাপে কুখ্যাত ছত্তিশগড়ৰ বষ্টৰ জিলাত আৰক্ষীয়ে হাতত লৈছে এক নতুন ষ্ট্ৰেটেজী ৷
নক্সালবাদ প্ৰতিৰোধৰ নতুন ষ্ট্ৰেটেজীঃ চুটি ছবি নিৰ্মাণ
ৰাজ্যখনৰ নক্সাল অধ্যুষিত বষ্টৰত আৰক্ষীৰ লোকসকলে হাতত বন্দুকৰ সলনি তুলি লৈছে লাইট-কেমেৰা ৷ আৰক্ষীৰ লোকসকলৰ সৈতে উপস্থিত আছে ডান্টেৱাড়া জিলাৰ আৰক্ষী অধীক্ষক অভিষেক পল্লৱ ৷ কিন্তু কিয় এইসকল আৰক্ষীৰ লোকে হাতত বন্দুকৰ সলনি তুলি ল'লে লাইট-কেমেৰা, চাঁওক আমাৰ এই প্ৰতিবেদন ৷
অধিক পঢ়কঃ কাশ্মীৰ সমস্যাক লৈ ভাৰতক সাৱধানবাণী অল-কায়দাৰ মুৰব্বীৰ