অসম

assam

ETV Bharat / bharat

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ : দলিত পঞ্চায়ত সভাপতিয়ে লাভ কৰিলে পতাকা উত্তোলনৰ সুযোগ - জিলা কালেক্টৰ মহেশ্বৰী ৰবিকুমাৰ আৰু আৰক্ষী অধীক্ষক পি. অৰবিন্ধন

স্বাধীনতা দিৱসৰ দিনা ৰাষ্ট্ৰীয় পতাকা উত্তোলনত বাধা প্ৰদান কৰা এগৰাকী দলিত পঞ্চায়ত সভাপতিক সামাজিক ন্যায় আৰু সংবিধান সুৰক্ষিত ৰখাৰ প্ৰচেষ্টা হিচাপে বৃহস্পতিবাৰে জিলা কালেক্টৰ আৰু আৰক্ষী অধীক্ষকৰ উপস্থিতিত পতাকা উত্তোলনৰ সুযোগ প্ৰদান কৰা হয় ৷ জিলা কালেক্টৰ মহেশ্বৰী ৰবিকুমাৰ আৰু আৰক্ষী অধীক্ষক পি. অৰবিন্ধন পতাকা উত্তোলন অনুষ্ঠানত উপস্থিত থাকে ৷

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ
দলিত পঞ্চায়ত সভাপতিয়ে লাভ কৰিলে পতাকা উত্তোলনৰ সুযোগ

By

Published : Aug 21, 2020, 9:18 AM IST

নেশ্যনেল ডেস্ক, 21 আগষ্ট :স্বাধীনতা দিৱসৰ দিনা ৰাষ্ট্ৰীয় পতাকা উত্তোলনত বাধা প্ৰদান কৰা এগৰাকী দলিত পঞ্চায়ত সভাপতিক সামাজিক ন্যায় আৰু সংবিধান সুৰক্ষিত ৰখাৰ প্ৰচেষ্টা হিচাপে বৃহস্পতিবাৰে জিলা কালেক্টৰ আৰু আৰক্ষী অধীক্ষকৰ উপস্থিতিত পতাকা উত্তোলনৰ সুযোগ প্ৰদান কৰা হয় ৷ জিলা কালেক্টৰ মহেশ্বৰী ৰবিকুমাৰ আৰু আৰক্ষী অধীক্ষক পি. অৰবিন্ধন পতাকা উত্তোলন অনুষ্ঠানত উপস্থিত থাকে ৷

দলিত পঞ্চায়ত সভাপতিয়ে লাভ কৰিলে পতাকা উত্তোলনৰ সুযোগ

দুয়োগৰাকী বিষয়াই অমিৰথামক পতাকা উত্তোলনৰ স্থানলৈ লৈ যোৱাৰ লগতে তেওঁক হাতত ৰছীডাল অৰ্পন কৰে ৷ ইয়াৰ পাচতে তিনিওগৰাকীয়ে পতাকাক অভিবাদন জনায় আৰু অমিৰথামে উপস্থিত ৰাইজক মিঠাই বিতৰণ কৰে ৷ ইয়াৰ পূৰ্বে পঞ্চায়ত গৃহটোত তেওঁৰ নাম উল্লেখ কৰা হোৱা নাছিল যদিও খৰতকীয়াকৈ তেওঁৰ নাম অংকিত কৰা হয় ৷

দলিত পঞ্চায়ত সভাপতিয়ে লাভ কৰিলে পতাকা উত্তোলনৰ সুযোগ

ইটিভি ভাৰতৰ সৈতে বাৰ্তালাপ কৰি অমিৰথামে কয়, "স্বাধীনতা দিৱসৰ দিনা মই সেই স্থানত উপস্থিত হ'লো ৷ কিন্তু, প্ৰাক্তন সভাপতিগৰাকীয়ে মোক অপদস্থ কৰাৰ লগতে সমাবেশৰ পৰা আঁতৰি থাকিবলৈ কয় ৷"

তেওঁ লগতে কয়, "মই পতাকা উত্তোলন কৰিবলৈ লওঁতে তেওঁ মোক বাধা দিয়ে আৰু মোৰ জাতি, সামাজিক স্থান আদিক লৈ গালি-গালাজ কৰে ৷ লগতে মোক তেওঁলোকৰ নিৰ্দেশত কাম কৰিব লাগিব বুলি ধমকি দিয়ে ৷ "

এই নিৰ্যাতন পোহৰলৈ আনি সহায় আগবঢ়োৱা বাবে অমিৰথামে ইটিভি ভাৰতক ধন্যবাদ জ্ঞাপন কৰে ৷

উল্লেখ্য যে, অথুপাক্কাম পঞ্চায়তৰ দলিত সভাপতি অমিৰথামক 15 আগষ্টত পতাকা উত্তোলন কৰিবলৈ অনুমতি দিয়া নাছিল ৷ এই কথা ইটিভি ভাৰত তামিলনাডুয়ে পোহৰলৈ অনাৰ পাচতে জিলা প্ৰশাসনৰো দৃষ্টিগোচৰ হয় ৷

আনহাতে, এই বাতৰি সংগ্ৰহ কৰিবলৈ অহা এজন সাংবাদিকক কিছু স্থানীয় লোকে আক্ৰমণ কৰে ৷ ইয়াৰ পাচতে কালেক্টৰে সমগ্ৰ বিষয়টোত হস্তক্ষেপ কৰাৰ লগতে ঘটনা সম্পৰ্কত এক প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ প্ৰদান কৰে ৷ ইয়াৰোপৰি, কালেক্টৰগৰাকীয়ে আৰক্ষী অধীক্ষকৰ সৈতে এক বৈঠকৰো আয়োজন কৰে ৷ তেওঁলোকে অমিৰথামক লগ কৰি আশ্বাস দিয়ে যে, ঘটনা সম্পৰ্কত সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু ইয়াৰ পুনৰাবৃত্তি নঘটে ৷

এনে ঘটনাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ উদ্দেশ্যে আৰক্ষী অধীক্ষকগৰাকীয়ে পঞ্চায়তৰ উপ-সভাপতিসহ দুজন লোকক আটক কৰে ৷ ইয়াৰোপৰি, পঞ্চায়তৰ ক্লাৰ্কক বৰ্খাস্ত কৰা হয় ৷

লগতে পঢ়ক :দেশ প্ৰতিৰক্ষাত নিয়োজিত এখন গাঁও...

ABOUT THE AUTHOR

...view details