নেশ্যনেল ডেস্ক, ৩ ডিচেম্বৰ: দীঘল দাঢ়িৰ ককাদেউতা বুলি পৰিচিত দালাল গুপ্তা মুম্বাইৰ চত্ৰপতি শিৱাজী টাৰ্মিনাছৰ সমীপৰ পদপথৰ বাসিন্দা । এসময়ত তেওঁ এগৰাকী জনপ্ৰিয় চিত্ৰশিল্পী হিচাপে পৰিচিত আছিল । একেদৰে তেওঁ অঁকা ছবিয়ে দৃষ্টি আকৰ্ষণ কৰিছিল সকলোৰে । কিন্তু এটা দুৰ্ঘটনাই সলনি কৰি দিলে দালাল গুপ্তাৰ জীৱন । দুৰ্ভগীয়া চিত্ৰশিল্পীগৰাকীৰ বাবে এতিয়া পদপথেই হৈছে বিশ্ৰামৰ স্থান আৰু ব্যৱসায়ৰ স্থান । দিল্লীত দালাল গুপ্তাৰ এখন দোকান আছিল ।
সকলো ঠিকেই চলি আছিল । হঠাতে দোকানৰ স্বত্বাধিকাৰীয়ে জবৰদস্তি দোকান খালী কৰি দিয়ে । জীৱিকা উপাৰ্জনৰ পথ বন্ধ হৈ পৰাত উপায়হীন হৈ দালাল গুপ্তাই আদালতৰ কাষ চাপে । কিন্তু তেওঁ নিৰাশ হ'বলগীয়া হয় । ইয়াৰ পিছতে উপাৰ্জন কৰিবলৈ তেওঁ মুম্বাইলৈ আহে । তেতিয়াৰে পৰা মুম্বাইৰ পথপথকেই নিজৰ ঘৰ, দোকান হিচাপে ভাৱি লৈ দুৰ্বিসহ জীৱন কটাইছে এসময়ৰ চিত্ৰশিল্পীগৰাকীয়ে ।