অসম

assam

ETV Bharat / bharat

ঘূৰ্ণীবতাহ নিসৰ্গঃ ৰায়গড় জিলালৈ ১০০ কোটি টকাৰ সাহাৰ্য ঘোষণা উদ্ধৱ থাকৰেৰ - cyclone in maharastra

দুদিন ধৰি মহাৰাষ্ট্ৰত তাণ্ডৱ চলোৱা ঘূৰ্ণীবতাহ নিসৰ্গৰ ফলত যথেষ্ট লোকচানৰ সম্মুখীন হয় বহু অঞ্চল। লগতে,এই ঘূৰ্ণীবতাহৰ ফলত মৃত্যু হয় ৬ জন লোকৰ।

ঘূৰ্ণীবতাহ নিসৰ্গঃ ৰায়গড় জিলালৈ ১০০ কোটি টকাৰ সাহাৰ্য ঘোষণা উদ্ধৱ থাকৰেৰ
ঘূৰ্ণীবতাহ নিসৰ্গঃ ৰায়গড় জিলালৈ ১০০ কোটি টকাৰ সাহাৰ্য ঘোষণা উদ্ধৱ থাকৰেৰ

By

Published : Jun 5, 2020, 5:53 PM IST

Updated : Jun 5, 2020, 7:00 PM IST

নিউজ ডেস্ক, ৫ জুনঃ ঘূৰ্ণীবতাহ নিসৰ্গৰ ফলত মহাৰাষ্ট্ৰৰ কেইবাটাও অঞ্চলত বিস্তৰ ক্ষতিসাধন হয়। এই ঘূৰ্ণীবতাহৰ ফলত ৰায়গড় জিলাত হোৱা ক্ষতিসাধনৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে জৰুৰীকালীনভাৱে ১০০ কোটি টকাৰ সাহাৰ্য ঘোষণা কৰে ।

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে উল্লেখ কৰা অনুসৰি ৰায়গড় জিলাত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণৰ বুজ ল'বলৈ ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰিছে। লগতে,ক্ষয়-ক্ষতিৰ বাবে ১০০ কোটি টকা প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰে।

ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকী জিলাখনৰ আলীবাগ অঞ্চল ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয়। ভ্ৰমণকালত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে মন্ত্ৰী আদিত্য থাকৰে, আচলাম চেইখ আৰু আন কেইবাগৰাকী মন্ত্ৰী।

দুদিন ধৰি ৰাজ্যখনত তাণ্ডৱ চলোৱা ঘূৰ্ণীবতাহ নিসৰ্গৰ ফলত যথেষ্ট লোকচানৰ সম্মুখীন হয় জিলাখনৰ কৃষকসকল। সেয়ে কৃষক তথা নিসৰ্গৰ প্ৰভাৱ পৰা গাঁওসমূহত সহায়ৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশ্বাস প্ৰদান কৰে।

বিভাগীয় সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি ঘূৰ্ণিবতাহ নিসৰ্গৰ ফলত ৰাজ্যখনৰ ৬ জন লোকে প্ৰাণ হেৰুৱাইছে। এই প্ৰাকৃতিক দুৰ্যোগত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়াললৈ ৪ লাখকৈ টকা সাহাৰ্য ঘোষণা কৰে মুখ্য়মন্ত্ৰীৰ কাৰ্যালয়ে। লগতে,ক্ষতিগ্ৰস্ত অঞ্চলসমূহত শীঘ্ৰে বিজুলীৰ ব্যৱস্থা কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে।

লগতে চাওকঃ কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ পৰিৱেশ সম্পৰ্কীয় গীত মুকলি

Last Updated : Jun 5, 2020, 7:00 PM IST

ABOUT THE AUTHOR

...view details