নেশ্যনেল ডেস্ক,22 ডিচেম্বৰ: 2020 বৰ্ষত হায়দৰাবাদত সামগ্ৰিক অপৰাধ 10 শতাংশ হ্ৰাস পাইছে যদিও চাইবাৰজনিত অপৰাধ 75 শতাংশলৈ বৃদ্ধি পাইছে ৷ হায়দৰাবাদ আৰক্ষীয়ে সদৰি কৰিছে এই কথা ৷ চহৰখনত বিগত বৰ্ষত 1,400 টা চাইবাৰজনিত অপৰাধৰ গোচৰ ৰুজু হোৱাৰ বিপৰীতে চলিত বৰ্ষত এই সংখ্যা বৃদ্ধি হৈ হয়গৈ 2,456 ৷ আৰক্ষীয়ে ক’ৰণা মহামাৰীৰ সময়ছোৱাত জনসাধাৰণে অত্যাধিক ইন্টাৰনেট ব্যৱহাৰ কৰাৰ ফলতেই এই অপৰাধৰ মাত্ৰা বৃদ্ধি পোৱা বুলি ধাৰণা কৰিছে ৷
এই সন্দৰ্ভত মন্তব্য কৰি অতিৰিক্ত আৰক্ষী আয়ুক্ত(অপৰাধ আৰু SIT) শিখা গোয়েলে কয় "মহামাৰীৰ এই সময়ছোৱাত বহু লোকেই ঘৰৰ পৰাই কাম কৰাৰ উপৰিও ঘৰতে আৱদ্ধ হৈ আছে ৷ যাৰ বাবে অপৰাধী সকল সাধাৰণ অপৰাধৰ বিপৰীতে চাইবাৰ অপৰাধৰ দিশে ঢাল খাইছে ৷"
2020 বৰ্ষত হায়দৰাবাদত মুঠ 22,641 টা অপৰাধৰ গোচৰ ৰুজু কৰা হৈছে ৷ 2019 চনত মুঠ গোচৰ ৰুজু হৈছিল 25,187 টা ৷