অসম

assam

কেৰালাৰ চোৰাং সোণ সৰবৰাহ : পুনৰ দুজনক গ্ৰেপ্তাৰ

By

Published : Jul 16, 2020, 12:37 PM IST

বৃহস্পতিবাৰে কেৰালাত শুল্ক বিভাগে চোৰাং সোণ সৰবৰাহৰ অভিযোগত পুনৰ দুজনক গ্ৰেপ্তাৰ কৰে ৷ কেৰালাৰ কংগ্ৰেছৰ এক গোটে বুধবাৰে সদৰি কৰা মতে, তেওঁলোকে পিনাৰাই বিজয়ন চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিব ৷

Customs arrest 2 more people in Kerala Gold Smuggling Case
কেৰালাৰ চোৰাং সোণ সৰবৰাহত পুনৰ দুজনক গ্ৰেপ্তাৰ

নেশ্যনেল ডেস্ক, 16 জুলাই : কেৰালাৰ তিৰুৱন্তপুৰম বিমানবন্দৰত চোৰাং সোণ সৰবৰাহ সন্দৰ্ভত শুল্ক বিভাগে পুনৰ দুজন লোকক গ্ৰেপ্তাৰ কৰে ৷ বৃহস্পতিবাৰে মালাপ্পুৰমৰ পৰা মহম্মদ আনৱাৰ টিএম আৰু চাইডালাভী ইক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ ইয়াৰ পূৰ্বে, ইউএইৰ বাণিজ্যিক ৰাষ্ট্ৰদূতৰ এগৰাকী প্ৰাক্তন কাৰ্যকৰী সচিব চৰিথ পি এছ আৰু তেওঁৰ দুজন সহযোগী সন্দীপ নায়ৰক ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছিল ৷

শুল্ক বিভাগে সদৰি কৰা মতে, অভিযুক্ত কেইজনে ব্যৱসায়ীসকলক সোণ প্ৰেৰণ কৰিছিল ৷ ইফালে, চৰিথ পি এছৰ সহযোগী স্বপ্ন সুৰেশৰ বাসগৃহত তালাচী চলোৱাৰ পিছত চৰিথে দহবাৰ সোণৰ চোৰাংভাৱে সৰবৰাহ কৰাৰ কথা অৱগত কৰে ৷

কেৰালাৰ কংগ্ৰেছী এটি গোটে বুধবাৰে কয় যে, চোৰাং সোণ সৰবৰাহক লৈ তেওঁলোকে পিনাৰাই বিজয়ন চৰকাৰ আৰু কেৰালা বিধানসভাৰ অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিব ৷ কেৰালাৰ বিৰোধী দলৰ নেতা ৰমেশ চেন্নিথালাই সংবাদ মাধ্যমযোগে অভিযোগ উত্থাপন কৰি কয় যে, ‘‘মুখ্যমন্ত্ৰীয়ে তেওঁৰ প্ৰাক্তন মুখ্য সচিবক সমৰ্থন কৰি আছে ৷ ইয়াৰ পৰাই গম পোৱা যায় যে, তেওঁৰ গোটেই কাৰ্যালয়টো চোৰাং সোণ সৰবৰাহত অন্তৰ্ভুক্ত হৈ আছে ৷’’

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (NIA)ই অভিযুক্ত অপৰাধীকেইজনৰ বিৰুদ্ধে Unlawful Activities (Prevention) Act, 1967 আইনৰ ভিত্তিত গোচৰ ৰুজু কৰিছে ৷

লগতে পঢ়ক : ভূমিৰ পৰা উচ্ছেদ কৰাৰ বাবেই কীটনাশক সেৱন কৰিলে দম্পতীয়ে

ABOUT THE AUTHOR

...view details