অসম

assam

হৃদয় বিদাৰক ! কৰ্ণাটকত লকডাউনৰ মাজতে অনাহাৰীৰ কান্দোন

লকডাউনৰ সময়ত নানা সমস্যাৰ সন্মুখীন হৈছে দৰিদ্ৰ সকল । কৰ্ণাটকৰ গান্ধী চাৰ্কেলত এগৰাকী মাতৃ আৰু দুটি সন্তানৰ অনাহাৰত কান্দোন ।

By

Published : Apr 20, 2020, 11:12 AM IST

Published : Apr 20, 2020, 11:12 AM IST

Cries of starvation amid lockdown in KarnatakaCries of starvation amid lockdown in Karnataka
Cries of starvation amid lockdown in Karnataka

নিউজ ডেস্ক, ২০ এপ্ৰিলঃকৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে দেশত এতিয়া দ্বিতীয়টো লকডাউন অব্যাহত আছে । লকডাউনৰ মাজতেই বহু দৰিদ্ৰ লোক সন্মুখীন হৈছে খাদ্য সংকটৰ । বিশেষকৈ শ্ৰমিক শ্ৰেণী লোকৰ লগতে ভিক্ষাৰী, অন্যান্য বহু দৰিদ্ৰ লোক এতিয়া অনাহাৰৰ সন্মুখীন হ'বলগীয়া হৈছে ।

লকডাউনৰ মাজতেই কৰ্ণাটকৰ গান্ধী চাৰ্কেলত দেখা পোৱা গ'ল এক হৃদয় বিদাৰক দৃশ্য । পদপথৰ কাষত দুটি সন্তানক লৈ এগৰাকী মাতৃয়ে খাদ্যৰ অভাৱত কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা যায় । তিনিও বিগত কিছু দিন ধৰি একে স্থানতেই অৱস্থান কৰি আছে । পথচাৰীৰ পৰা কিছু খাদ্য সামগ্ৰী লাভ কৰিছে যদিও লকডাউনৰ মাজত নিয়মিতভাৱে খাদ্য় লাভ কৰাটো অনিশ্চিত হৈ পৰিছে মহিলাগৰাকীৰ বাবে ।

আনহাতে একে অনুৰূপ ঘটনা সংঘটিত হৈছে ৰাটনাভাত । কপাল জিলাৰ নাৰছাপুৰা গাওঁৰ এজন লোকে খাদ্য সামগ্ৰীৰ সন্ধানত ওলাই যায় যদিও একো লাভ কৰিবলৈ সমৰ্থ নহয় ।

ABOUT THE AUTHOR

...view details