অসম

assam

By

Published : Jan 15, 2021, 6:41 PM IST

ETV Bharat / bharat

দিল্লীত পৃথকে দিয়া হ'ব কোভিশ্বিল্ড আৰু কোভাক্সিন প্ৰতিষেধক

দিল্লীত কোভিশ্বিল্ড প্ৰতিষেধক ৰাজধানী চহৰখনৰ ৭৫ খন হাস্পতালত আৰু কোভাক্সিন প্ৰতিষেধক ৬ খন হাস্পতালত প্ৰদান কৰা হ'ব । যাতে দুয়োটা প্ৰতিষেধক একেলগ নহয় তাৰ বাবে এই সিদ্ধান্ত লৈছে চৰকাৰে ।

দিল্লীত পৃথকে দিয়া হ'ব কোভিশ্বিল্ড আৰু কোভাক্সিন প্ৰতিষেধক
দিল্লীত পৃথকে দিয়া হ'ব কোভিশ্বিল্ড আৰু কোভাক্সিন প্ৰতিষেধক

নিউজ ডেস্ক,১৫ জানুৱাৰী :দেশবাসী এতিয়া কৰ'ণা প্ৰতিষেধক প্ৰদানক লৈ অতি আগ্ৰহেৰে ৰৈ আছে । তাৰ মাজতে দিল্লী চৰকাৰৰ বিশেষ ঘোষণা প্ৰতিষেধক প্ৰদানক লৈ । ইতিমধ্য়ে দিল্লীলৈ অনা কোভিশ্বিল্ড প্ৰতিষেধক ৰাজধানী চহৰখনৰ ৭৫ খন হাস্পতালত আৰু কোভাক্সিন প্ৰতিষেধক ৬ খন হাস্পতালত প্ৰদান কৰা হ'ব । দিল্লীৰ স্বাস্থ্য় মন্ত্ৰী সত্য়েন্দ্ৰ জৈনে এই কথা ঘোষণা কৰি কয় যে যাতে দুয়োটা প্ৰতিষেধক একেলগ নহয় তাৰ বাবে এই সিদ্ধান্ত লৈছে চৰকাৰে । এজন ব্য়ক্তিক প্ৰতিষেধক দিয়াৰ পিছত পুনৰ পৰৱৰ্তী অংশৰ প্ৰয়োজন হ'ব পাৰে সেয়ে দুয়োটা পৃথক ভাৱে প্ৰদান কৰিব বুলি জনাই মন্ত্ৰী গৰাকীয়ে ।

লগতে তেওঁ উল্লেখ কৰে যে প্ৰথম পৰ্যায়ত শনিবাৰৰ পৰা দিল্লীৰ ৮১ টা স্থানত প্ৰদান কৰা হ'ব প্ৰতিষেধক আৰু এই স্থান সমূহত প্ৰতিদিনে ১০০ গৰাকী লোকক প্ৰতিষেধক প্ৰদান কৰা হ'ব । সপ্তাহত ৪ দিন অৰ্থাৎ সোমবাৰ,মঙলবাৰ,বৃহস্পতিবাৰ আৰু শনিবাৰে প্ৰতিষেধক প্ৰদান কৰা হ'ব বুলিও জনালে স্বাস্থ্য় মন্ত্ৰীগৰাকীয়ে ।

ইয়াৰ মাজতে দিল্লীৰ মুখ্য়মন্ত্ৰী অৰবিন্দ কেজৰিবালে বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্য়ে ২ লাখ ৭৪ হাজাৰ টা প্ৰতিষেধক প্ৰেৰণ কৰিছে দিল্লীলৈ আৰু প্ৰতিগৰাকী ব্য়ক্তিকে ২ বাৰকৈ প্ৰতিষেধক দিয়া হ'ব লগতে নষ্ট হোৱা প্ৰতিষেধকৰ ১০ শতাংশ কেন্দ্ৰীয় চৰকাৰে অতিৰিক্তকৈ দিব দিল্লীক । সম্প্ৰতি প্ৰতিষেধক দিল্লীৰ ১ লাখ ২০ হাজাৰ স্বাস্থ্য় কৰ্মচাৰীৰ বাবে পৰ্যাপ্ত হ'ব লগতে প্ৰথম পৰ্যায়ত চৰকাৰে ৮১ টা কেন্দ্ৰৰ আৰম্ভ কৰিব আৰু পৰৱৰ্তী সময়ত কেন্দ্ৰৰ সংখ্য়া ১৭৫ টালৈ বৃদ্ধি কৰিব বুলিও জনাই মুখ্য়মন্ত্ৰী গৰাকীয়ে ।

লগতে পঢ়ক :মধ্য়প্ৰদেশৰ জালি সুৰা কাণ্ডৰ তদন্ত আৰম্ভ অনুসন্ধানকাৰী দলৰ

ABOUT THE AUTHOR

...view details