নেশ্যনেল ডেস্ক, 2 অক্টোবৰঃ ভাৰতত ক’ভিড 19ত আক্ৰান্তৰ সংখ্যাই ইতিমধ্যে ভৰি দিছে 63 লাখৰ ঘৰত ৷ ইয়াৰ বিপৰীতে এই ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে প্ৰায় 53 লাখ লোকে ৷ ভাৰতীয় স্বাস্থ্য মন্ত্ৰণালয়ে সদৰি কৰিছে এই কথা ৷
বৰ্তমানলৈকে ভাৰতত 63,94,068 গৰাকী লোক ক’ভিড 19ত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 99,773 গৰাকীৰ ৷ এই ৰোগৰ পৰা 53,52,078 গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰাৰ লগতে বৰ্তমানলৈকে সক্ৰিয় হৈ আছে 9,42,217 গৰাকী ৰোগী ৷ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি এই সংখ্যা মুঠ ৰোগীৰ সংখ্যাৰ 14.74 শতাংশ ৷