অসম

assam

By

Published : Apr 4, 2020, 12:20 PM IST

ETV Bharat / bharat

লক্ ডাউনঃ 'Stay at home, Harvest vegetables' যোজনা আৰম্ভ কৃষি বিভাগৰ

শাক-পাচলি তথা খেতি কৰা কাৰ্যক অধিক উৎসাহিত কৰাৰ বাবে কৃষি বিভাগে ওলিয়াইছে 'ঘৰত থাকক আৰু শস্য উৎপাদন কৰক' শীৰ্ষক এক যোজনা ।

Covid lockdown: Agriculture department rolls out 'Stay at home, harvest vegetables' scheme to encourage farming
Covid lockdown: Agriculture department rolls out 'Stay at home, harvest vegetables' scheme to encourage farming

নিউজ ডেস্ক, ৪ এপ্ৰিলঃ দেশত এতিয়া লক্ ডাউন । সেইবাবে কেৰালা কৃষি বিভাগে সকলো লোকক ঘৰতে থাকি শস্যৰ উৎপাদনৰ ক্ষেত্ৰত নিয়োজিত কৰিবলৈ এটা নতুন যোজনাৰ সূচনা কৰিছে । যাতে লক্ ডাউনৰ সময়ত সকলো ঘৰতেই থাকে ।

কোভিড-১৯ ৰ সংক্ৰমণ ৰোধ কৰিবলৈয়ে দেশত ঘোষণা কৰা হৈছে ২১ দিনৰ লক্ ডাউন । সকলো লোকৰ অভিযোগ যে, ম'বাইলৰ বাহিৰে অন্য কাম হাতত নাই যাৰ বাবে এই যোজনাৰ আৰম্ভ কৰিছে বিভাগ টোৱে ।

আনহাতে বিভাগটোৱে শস্যৰ উৎপাদনক অধিক উৎসাহিত কৰাৰ বাবে ৰাজ্যৰ ৫০ লাখ পৰিয়ালক বিনামূলীয়া শস্যৰ বীজ তথা গুটি দিয়াৰ কথা উল্লেখ কৰিছে ।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মেই এই যোজনা আৰম্ভ কৰা হৈছে । ইয়াৰ দ্বাৰা বজাৰত শাক-পাচলীৰ নাটনি কমিব আৰু অন্য ৰাজ্যৰ ওপৰত নিৰ্ভৰ হোৱাৰো প্ৰয়োজন নাথাকিব । তিৰুবন্দ্ৰপুৰম জিলাত ২.৫ লাখ বীজ বিতৰণৰ নিৰ্দশ দিয়া হৈছে । পালেং, বিলাহী, কেৰেলা, ভেণ্ডী ইত্য়াদি বীজৰ যোগান ধৰা হ'ব । এই যোজনা ইতিমধ্যে তিৰুবন্দ্ৰপুৰম, কোচী, কাচীকোড়া জিলাত আৰম্ভ কৰা হৈছে ।

গাড়ী কভাৰেৰে প্ৰস্তুত কৰিলে কৰ'ণা কীট্ !

ABOUT THE AUTHOR

...view details