অসম

assam

By

Published : Jul 2, 2020, 7:59 AM IST

ETV Bharat / bharat

দেশৰ বিভিন্ন ৰাজ্যৰ COVID-19 ৰ শেহতীয়া তথ্য

দেশত COVID-19 আক্ৰান্তৰ সংখ্যা 5,85,492 গৰাকীলৈ বৃদ্ধি পাইছে ৷ ইয়াৰে 3,47,978 গৰাকী আৰোগ্য হৈ উঠাৰ বিপৰীতে 2,20,114 গৰাকী বৰ্তমানেও চিকিৎসাধীন হৈ আছে ৷ আনহাতে, মৃতকৰ সংখ্যা হৈছেগৈ 17,400 গৰাকী ৷

কৰ'ণা ভাইৰাছ
দেশৰ বিভিন্ন ৰাজ্যৰ COVID-19 ৰ শেহতীয়া তথ্য

নেশ্যনেল ডেস্ক, 2 জুলাই : দেশত COVID-19 আক্ৰান্তৰ সংখ্যা 5,85,492 গৰাকীলৈ বৃদ্ধি পাইছে ৷ ইয়াৰে 3,47,978 গৰাকী আৰোগ্য হৈ উঠাৰ বিপৰীতে 2,20,114 গৰাকী বৰ্তমানেও চিকিৎসাধীন হৈ আছে ৷ আনহাতে, মৃতকৰ সংখ্যা হৈছেগৈ 17,400 গৰাকী ৷

দিল্লী : মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বুধবাৰে কয় যে, এমাহ পূৰ্বে যি ধাৰণা কৰা হৈছিল সেই অনুসৰি দিল্লীত COVID-19 ৰ পৰিস্থিতি গুৰুতৰ নহয় ৷ কৰ'ণা ভাইৰাছৰ পৰা আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱা বুলিও জনাই দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ পূৰ্বে অনুমান কৰা হৈছিল যে, জুন মাহৰ অন্তত দিল্লীত প্ৰায় 1 লাখ লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হ'ব আৰু ইয়াৰে 60,000 সক্ৰিয় ঘটনা থাকিব ৷ কিন্তু, আচলতে ৰাজধানী খনত সক্ৰিয় ঘটনা হৈছে 26,000 টাহে ৷ এক ভাৰ্চুৱেল সংবাদমেলত কেজৰিৱালে কয় যে, বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণৰ অধীনত আছে, ভাইৰাছবিধ অপ্ৰত্যাশিত আৰু আমি সমস্যাটোক অধিক গুৰুত্বসহকাৰে লোৱা উচিত ৷

ৰাজ্যত মুঠ কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সংখ্যা 5,85,492 গৰাকী

মধ্য প্ৰদেশ : মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে 'চিকিৎসক দিৱস'ৰ সৈতে সংগতি ৰাখি 'Kill Corona' অভিযানৰ মুকলি কৰে ৷ এই অভিযানৰ অধীনত 11,458 জৰীপ দল প্ৰতি ঘৰতে উপস্থিত হ'ব ৷ তেওঁলোকে Covid-19 ৰ লগতে অন্য ৰোগৰো পৰীক্ষণ কৰিব ৷ 15 দিনীয়া এই অভিযানত 2.5 লাখ পৰীক্ষণ কৰা হ'ব আৰু প্ৰতিদিনে 15,000 ৰ পৰা 20,000 লৈ পৰীক্ষণ কৰা হ'ব ৷ এই জৰীপ সংগ্ৰহ কৰি ৰাখিব ৰাজ্যখনত মুকলি কৰা 'SARTHAK' নামৰ এপটোৱে ৷ কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা তীব্ৰ বেগত বৃদ্ধি পোৱাত 15 দিনৰ লকডাউন ঘোষণা কৰাৰো সম্ভাৱনা আছে ৰাজ্যখনত ৷

ৰাজস্থান : বুধবাৰে পুৱা 9 বজাত স্বাস্থ্য বিভাগে জিলা কাৰাগাৰত নতুনকৈ 26 গৰাকী কৰ'ণাত আক্ৰান্ত হোৱা বুলি জানিবলৈ দিয়ে ৷ প্ৰতাপগড় জিলাত বৰ্তমান আক্ৰান্তৰ সংখ্যা হৈছে 28 গৰাকী ৷ তথ্য অনুসৰি, গুলিচালনাৰ ঘটনাৰ সৈতে জড়িত এজন কয়দীৰ পৰা এই ৰোগ বিয়পিছে ৷ জিলা কাৰাগাৰৰ সদস্যৰ স্ক্ৰীনিং চলি থকাৰ লগতে কয়দী সকলক অন্য স্থানলৈ স্থানান্তৰিত কৰাৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷

লগতে পঢ়ক : ক’ভিড-১৯ ৰ পৰৱৰ্তী সময়ত ভাৰতৰ অৰ্থনৈতিক পুনৰুদ্ধাৰত স্বচ্ছ ইন্ধন হ’ব পাৰে সহায়ক

উত্তৰাখণ্ড : ৰাজ্যখনত নতুনকৈ 66 টা ঘটনা পোহৰলৈ আহিছে ৷ ইয়াৰ ফলত আক্ৰান্তৰ সংখ্যা 2,947 লৈ বৃদ্ধি পাইছে ৷ ইয়াৰে 2,317 গৰাকী আৰোগ্য হৈ উঠাৰ বিপৰীতে 41 গৰাকীৰ মৃত্যু হৈছে ৷ আনহাতে, 562 গৰাকী সক্ৰিয় ৰোগী আছে ৷ ৰাজ্যখনত আৰোগ্যৰ হাৰ 78.62 শতাংশ ৷

চত্তিশগড় : চত্তিশগড়ত 20 জন BSF আৰু 2 জন SSB জোৱান কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ নক্সাল প্ৰভাৱিত কানকেৰ জিলাত মোতায়েন হৈ আছিল এই জোৱানকেইজন ৷ বৰ্তমান তেওঁলোক জগডলপুৰৰ এখন হাস্পতালত চিকিৎসাধীন হৈ আছে ৷ আনহাতে, মুংগেলী জিলাত আক্ৰান্তৰ সংখ্যা শূন্য ৷

গুজৰাট : মানিনগৰ অঞ্চলৰ স্বামীনাৰায়নৰ 11 গৰাকী সাধুৰ দেহত লাভ কৰা হৈছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ আক্ৰান্ত আটাইকেইজন লোক বৰ্তমান বিভিন্ন হাস্পতালত চিকিৎসাধীন হৈ আছে বুলি ৰাজ্যখনৰ স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে ৷ এসপ্তাহ পূৰ্বে এই বিষয়ত তথ্য লাভ কৰাৰ পাচতে মানিনগৰ মন্দিৰৰ স্বামী ভাগৱতপ্ৰিয়দাস চৌহদক সম্পূৰ্ণৰূপে ছেনিটাইজ কৰা হয় ৷

বিহাৰ : বিহাৰত কৰ'ণা আক্ৰান্তৰ সংখ্যাই 10,000 ৰ ঘৰ অতিক্ৰম কৰিছে ৷ বুধবাৰে নতুনকৈ আক্ৰান্ত হৈছে তিনি গৰাকী আৰক্ষী বিষয়া ৷ আনহাতে, যোৱা 24 ঘন্টাত 9 গৰাকীৰ মৃত্যু হোৱাৰ ফলত মৃতকৰ সংখ্যা 74 গৰাকীলৈ বৃদ্ধি পাইছে ৷ আনহাতে, প্ৰশাসন আৰু যান-বাহন নিয়ন্ত্ৰণ শাখা লকডাউনৰ নিৰ্দেশাৱলী সম্পৰ্কত পূৰ্বতকৈ কঠোৰ হ'ব বুলি প্ৰকাশ কৰিছে ৷ মাস্ক পৰিধান নকৰাকৈ কোনো দোকান-পোহাৰত প্ৰৱেশ কৰিব নোৱাৰিব ৷ লকডাউনৰ নিৰ্দেশাৱলী ভংগ কৰাসকলক নালন্দা, নাৱাডা, মুংগৰ, মধুবনী, ভোজপুৰ, গোপালগঞ্জত ইতিমধ্যেই জৰিমনা বিহা হৈছে ৷

ঝাৰখণ্ড : ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা 2,490 গৰাকীলৈ বৃদ্ধি পাইছে ৷ বৰ্তমান সক্ৰিয় হৈ আছে 591 টা ঘটনা ৷ লোহাৰডাগা জিলাৰ মাহুৱাতলী গাঁৱত চাৰিগৰাকী নতুন আক্ৰান্ত লাভ কৰা হৈছে ৷ ইয়াৰ পাচতে প্ৰশাসনে গাঁওখনক কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে ৷ ইয়াৰোপৰি সংবাদ মাধ্যমকো অঞ্চলটোত প্ৰৱেশৰ অনুমতি প্ৰদান কৰা নাই ৷

লগতে পঢ়ক : ২৪ ঘণ্টাত মহাৰাষ্ট্ৰত ৭৭ গৰাকী আৰক্ষীৰ লোক কোভিড-১৯ত আক্ৰান্ত

ABOUT THE AUTHOR

...view details