নেশ্যনেল ডেস্ক, 2 জুলাইঃ ভাৰতত 6 লক্ষাধিক অতিক্ৰম কৰিলে COVID-19 আক্ৰান্তৰ সংখ্য়াই ৷ তেনে সময়তে ভাৰতৰে এখন ৰাজ্যত স্তিমিত হৈছে COVID-19ৰ সংক্ৰমণ ৷ অসমৰ চুবুৰীয়া ৰাজ্য মিজোৰামত বিগত 24 ঘন্টাৰ ভিতৰত এগৰাকীও লোকৰ দেহত ধৰা পৰা নাই COVID-19ৰ অৱস্থিতি ৷
মিজোৰামৰ তথ্য আৰু জনসংযোগ বিভাগে সদৰি কৰা অনুসৰি, ৰাজ্যখনত বৰ্তমানলৈ 160 গৰাকী লোকৰ দেহত পোৱা গৈছে COVID-19ৰ অৱস্থিতি ৷ সম্প্ৰতি মিজোৰামত 37 গৰাকী সক্ৰিয় আক্ৰান্ত লোক থকাৰ বিপৰীতে, আন 123 গৰাকী লোকে আৰোগ্য লাভ কৰিছে COVID-19ৰ পৰা ৷ লগতে বিগত 24 ঘন্টাত ৰাজ্যখনত এগৰাকীও লোক নতুনকৈ আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ অহা নাই ৷