অসম

assam

ETV Bharat / bharat

ভাৰতত ৭৬ লাখ স্পৰ্শ কৰিলে কৰ'ণা আক্ৰান্তৰ সংখ্যাই - cases-indias

COVID-19ৰ সৰ্বাধিক সংক্ৰমণৰ তালিকাত দ্বিতীয় স্থানত থকা ভাৰতত প্ৰতিনিয়ত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। যোৱা ২৪ ঘণ্টাত নতুনকৈ ৫৪,০৪৪জন লোক মহামাৰীৰ গ্ৰাসত পৰিছে। কৰ'ণাত আক্ৰান্ত হৈ নতুনকৈ ৭১৭জনে প্ৰাণ হেৰুৱাইছে।

ভাৰতত ৭৬ লাখ স্পৰ্শ কৰিলে কৰ'ণা আক্ৰান্তৰ সংখ্যাই
ভাৰতত ৭৬ লাখ স্পৰ্শ কৰিলে কৰ'ণা আক্ৰান্তৰ সংখ্যাই

By

Published : Oct 21, 2020, 1:16 PM IST

নেশ্যনেল ডেস্ক, ২১ অক্টোবৰ: ভাৰতত ৭৬ লাখৰ সীমা অতিক্ৰম কৰিছে কৰ'ণা আক্ৰান্তৰ সংখ্যাই। যোৱা ২৪ ঘণ্টাত নতুনকৈ ৫৪,০৪৪জন লোক আক্ৰান্ত হোৱাৰ ঘটনা পোহৰলৈ আহিছে। বৰ্তমান ৭৬,৫১,১০৮জন ৰোগী ভাৰতত মহামাৰীৰ কবলত পৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি, সম্প্ৰতি ৭,৪০,০৯০জন লোক চিকিত্সাধীন হৈ থকাৰ বিপৰীতে ৬৭,৯৫,১০৩জন লোক আৰোগ্য হোৱা আৰু প্ৰবাসী আক্ৰান্তৰ তালিকাত আছে। যোৱা ২৪ ঘণ্টাত ৭১৭জন ৰোগীয়ে কৰ'ণাৰ সৈতে যুঁজি মৃত্যুৰে হাৰ মানিছে। দেশৰ ভিতৰতে আটাইতকৈ বেছি সংক্ৰমণ হোৱা মহাৰাষ্ট্ৰত ১,৭৪,৭৫৫টা আক্ৰান্তৰ ঘটনা সক্ৰিয় অৱস্থাত আছে।

ৰাজ্যখনত ১৩,৯২,৩০৮ জন ৰোগী বৰ্তমান সুস্থ হৈ উঠিছে। আনহাতে, ৪২,৪৫৩জন ৰোগীৰ মৃত্যু হৈছে। ইয়াৰ পিছতে অধিক সংক্ৰমিত ৰাজ্য চিহ্নিত হোৱা কৰ্ণাটকত ১,০৩,৯৬৪ জন লোক মহামাৰীত আক্ৰান্ত হৈছে আৰু ৬,৬২,৩২৯জন আৰোগ্য হোৱাৰ তথ্য পোহৰলৈ আহিছে। ইতিমধ্যে মৃত্যুক আঁকোৱালি লৈছে ১০,৬০৮জন ৰোগীয়ে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে, ছেপ্টেম্বৰ মাহৰ শেষৰ ভাগত অক্সিজেন ব্যৱহাৰ কৰি আই চি ইউত থাকিবলগীয়া কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ১০ শতাংশলৈ হ্ৰাস পাইছে। যোৱা ১ ছেপ্টেম্বৰত অক্সিজেন ব্যৱহাৰ কৰিবলগীয়া ৰোগীৰ সংখ্যা আছিল ৪৩,০২২ জন, ১ অক্টোবৰত এই সংখ্যা ৭২,৫৭৫লৈ হ্ৰাস পায়। ১৯ অক্টোবৰত আই চি ইউত থাকিবলগীয়া কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৫৭,৩৫৭ জনলৈ হ্ৰাস পাইছে।

লগতে পঢ়ক:নতুন বাণিজ্যিক দক্ষিণমুখী নীতিত গভীৰ সম্পৰ্ক ৰক্ষা কৰিব ভাৰত-টাইৱানে

ABOUT THE AUTHOR

...view details