অসম

assam

বিগত ২৪ ঘণ্টাত ভাৰতত কৰ'ণাত আক্ৰান্ত ৩৭,৭২৪ গৰাকী

By

Published : Jul 22, 2020, 7:25 PM IST

বিগত ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ৩৭,৭২৪ গৰাকী ব্যক্তি ব্যক্তিৰ দেহত পোৱা গৈছে মহামাৰী COVID-19ৰ উপস্থিতি । আনহাতে,এই ভাইৰাছত আক্ৰান্ত হৈ বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৬৪৮ গৰাকীৰ ।

বিগত ২৪ ঘণ্টাত ভাৰতত কৰ'ণাত আক্ৰান্ত ৩৭,৭২৪ গৰাকী
বিগত ২৪ ঘণ্টাত ভাৰতত কৰ'ণাত আক্ৰান্ত ৩৭,৭২৪ গৰাকী

নিউজ ডেস্ক, ২২ জুলাইঃভাৰতত বিগত ২৪ ঘণ্টাত মহামাৰী COVID-19ত আক্ৰান্ত হৈছে ৩৭,৭২৪ গৰাকী ব্যক্তি । তাৰোপৰি এই ভাইৰাছত আক্ৰান্ত হৈ বিগত ২৪ ঘণ্টাত ৬৪৮ গৰাকী ব্যক্তি মৃত্যু হয় বুলি সদৰি কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে । যাৰ পৰিপ্ৰেক্ষিতত ভাৰতত মুঠ COVID-19ত আক্ৰান্ত সংখ্যা ১১,৯২,৯১৫ গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে মুঠ 28,846 গৰাকীলৈ বৃদ্ধি পায় ।

স্বাস্থ্য মন্ত্ৰণালয় তথ্য অনুসৰি, COVID-19 আক্ৰান্ত মুঠ সংখ্যাৰ ভিতৰত বৰ্তমান পৰ্যন্ত ৪,১১,১৩৩ গৰাকী ব্য়ক্তিৰ দেহত এই ভাইৰাছ সক্ৰিয় হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ৭,৫৩,০৫০ গৰাকী ।

দেশৰ ভিতৰত কৰ'ণাত সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যৰ শীৰ্ষত থকা মহাৰাষ্ট্ৰত বৰ্তমান পৰ্যন্ত আক্ৰান্তৰ সংখ্যা ৩,২৭,০৩১ গৰাকী ব্যক্তি । ইয়াৰ ভিতৰত মৃত্যু হৈছে ১২,২৭৬ গৰাকী ।

আনহাতে, দ্বিতীয় সৰ্বাধিক ক্ষতিগ্ৰস্ত ৰাজ্যৰ হিচাপে পৰিগণিত তামিলনাডুত বৰ্তমান পৰ্যন্ত আক্ৰান্ত হৈছে ১,৮০,৬৪৩ গৰাকী । তাৰোপৰি, স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্যৰ ভিত্তিত দেশৰ ভিতৰত কৰ'ণাত অধিক ক্ষতিগ্ৰস্ত হোৱা কেইমান ৰাজ্যৰ আক্ৰান্তৰ সংখ্যা হৈছে এনেধৰণ.....

  1. দিল্লী-১,২৫,০৯৬ গৰাকী
  2. অন্ধ্ৰ প্ৰদেশ-৫৮,৬৬৮ গৰাকী
  3. কৰ্ণাটক-৭১,০৬৯ গৰাকী
  4. তেলেংগানা-৪৭,৭০৫ গৰাকী

আনহাতে, ভাৰতীয় চিকিৎসা অনুসন্ধান পৰিষদ (ICMR)য়ে দাঙি ধৰা তথ্য অনুসৰি, ২১ জুলাই পৰ্যন্ত ভাৰতত মুঠ ১,৪৭,২৪,৫৪৬ গৰাকী ব্যক্তিৰ নমুনা সংগ্ৰহ কৰা হয় । যাৰ ভিতৰত এতিয়ালৈকে ৩,৪৩,২৪৩ গৰাকী ব্যক্তিৰ নমুনা পৰীক্ষা কৰা হয় বুলি জানিবলৈ দিয়ে ।

ABOUT THE AUTHOR

...view details