নেশ্যনেল ডেস্ক, 31 মাৰ্চ: মুম্বাইত 17 জন লোক নতুনকৈ কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পাচত সোমবাৰে পৰ্যন্ত মুম্বাই মেট্ৰপলিটান অঞ্চলত এই সংখ্যা বৃদ্ধি পাই 170 জন হ'ল ৷ মুম্বাই মহানগৰীৰ উৰ্ধতন কৰ্তৃপক্ষই প্ৰদান কৰে এই তথ্য ৷
আনহাতে, 80 বছৰীয়া এজন লোক কোভিড-19 ত আক্ৰান্তহৈ মুম্বাইৰ এখন ব্যক্তিগত হাস্পতালত মৃত্যু হোৱাৰ ফলত মুম্বাই মেট্ৰপলিটান অঞ্চলত(MMR) মৃত্যু হোৱা লোকৰ সংখ্যা আঠলৈ বৃদ্ধি পালে ৷ পূৰ্বে শ্বাস-প্ৰশ্বাসজনিত ৰোগ আৰু হৃদৰোগত ভুগি থকা লোকজন 29 মাৰ্চত কোভিড-19 ত আক্ৰান্ত হোৱা বুলি চিকিৎসকে ঘোষণা কৰিছিল ৷ সোমবাৰে প্ৰকাশ পোৱা এক বিবৃতি অনুসৰি,মেট্ৰপলিটান চহৰখনত 206 জন লোকক OPDs ত নিৰীক্ষণ কৰা হৈছিল আৰু ইয়াৰে 61 জনক সন্দেহজনকভাৱে হাস্পতালত ভৰ্তি কৰোৱা হয় ৷