অসম

assam

ETV Bharat / bharat

ইন্দোৰত ভূতৰ ৰূপত আৰক্ষী ! - লক্ ডাউন ভংগকাৰী

কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশতে ঘোষণা কৰা হৈছিল 21 দিনীয়া লক্ ডাউন ৷ কিন্তু একাংশই এই লক্ ডাউন অমান্য কৰাত কঠোৰ হ'ব লগীয়া হৈছে আৰক্ষী-প্ৰশাসন ৷ কোনো কোনো ঠাইত লাঠী চাৰ্জ কৰিও মানুহক গৃহ বন্দী কৰিব পৰা নাই আৰক্ষীয়ে ৷ মানুহক ঘৰত থাকিবলৈ বাধ্য কৰোৱাৰ বাবে আৰক্ষীয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰা দেখা গ'ল মধ্য প্ৰদেশত ৷

Indore cops adopt 'ghost' drive to keep people home
Indore cops adopt 'ghost' drive to keep people home

By

Published : Apr 3, 2020, 8:47 PM IST

নিউজ ডেস্ক, 3 এপ্ৰিল : মধ্যপ্ৰদেশৰ ইন্দোৰত শুকুৰবাৰে দেখা গ'ল এটা আশ্চৰ্যকৰ দৃশ্য ৷ কৰ'ণা ভাইৰাছৰ ভয়াৱতাৰ প্ৰতি লক্ষ্য ৰাখি ঘোষণা কৰা লক্ ডাউন ভংগকাৰীক ৰোধিবলৈ আৰক্ষীয়ে ল'লে অভিনৱ পদক্ষেপ ৷ ভূতৰ বেশ-ভূষাৰে পথলৈ বিনাকাৰণে ওলাই অহা মানুহক ভয় খুৱাই ঘৰলৈ পঠিওৱাৰ চেষ্টা ইন্দোৰ আৰক্ষীৰ ৷

একাংশ সমাজকৰ্মীৰ সহায়ত বিজয়নগৰ আৰক্ষীয়ে এই পন্থা অৱলম্বন কৰে ৷ তেওঁলোকে ভূতৰ বেশ পৰিধান কৰি কলনি, বস্তি আদিৰ পথেৰে খোজ কাঢ়ি ফুৰে আৰু মানুহক ভয় খুৱাবলৈ বিশেষ ধৰণে চিঞৰে ৷ যাতে মানুহবোৰ ওলাই নুফুৰি ঘৰতে সোমাই থাকে ৷

ইন্দোৰত ভূতৰ ৰূপত আৰক্ষী !

আৰক্ষীয়ে ভূতৰ এটি ভিডিঅ' প্ৰস্তুত কৰি চ'চিয়েল মিডিয়াত প্ৰচাৰ কৰে ৷ তেওঁলোকে কয় যে, ছগৰাকী সদস্যৰে তেনে এটি দল গঠন কৰা হৈছে যি বস্তি অঞ্চলৰ মানুহক কৰ'ণা অথবা ক'ভিড-19 সম্পৰ্কে জ্ঞান দিয়ে ৷ ভূতৰূপী স্বেচ্ছাসেৱক সকলে কাৰ্ফিউৰ সময়ত ঘূৰি ফুৰা মানুহক ভয় খুৱাই আৰু সঁকীয়াই দিয়ে যে, যদি তেওঁ এনেদৰে ঘূৰি ফুৰে তেন্তে কৰ'ণা ভাইৰাছ তেওঁৰ ওচৰলৈ আহিব ৷

লগতে পঢ়ক :প্ৰধানমন্ত্ৰী সাহায্য পুঁজিৰ নামত বহু কেইটা ভুৱা একাউন্ট !

ইন্দোৰত প্ৰায় 89 গৰাকী লোক কৰ'ণা আক্ৰান্ত হৈছে, ইয়াৰে পাঁচ গৰাকীয়ে ইতিমধ্যে মৃত্যুক আঁকোৱালি লৈছে ৷ 25 মাৰ্চৰ পৰা ইন্দোৰত কাৰ্ফিউ ঘোষণা কৰা হৈছিল, মধ্যপ্ৰদেশৰ বাণিজ্যিক ৰাজধানী স্বৰূপ চহৰখন 15 দিন পূৰ্বলৈকে জনসমাগমপূৰ্ণ আছিল যদিও বৰ্তমান ই ভূতৰ চহৰলৈ পৰিণত হৈছে ৷

লগতে পঢ়ক :মুছলমানক ঘৰতেই নামাজ পঢ়িবলৈ আহ্বান আৰ্শ্বাদ মাদানীৰ

ABOUT THE AUTHOR

...view details