নেশ্যনেল ডেস্ক,11 জুলাইঃ 11 জুলাইৰ দিনটোত সমগ্ৰ ভাৰতবৰ্ষতে কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যাই অতিক্ৰম কৰিলে 8 লক্ষাধিক ৷ শনিবাৰে মুঠ 820916 গৰাকীলৈ বৃদ্ধি পালে কৰ'ণা আক্ৰান্তৰ সংখ্যা ৷ ইয়াৰ সমান্তৰালকৈ দেশত মৃত্যুৰ সংখ্যাও বৃদ্ধি পালে মুঠ 22123 গৰাকীলৈ ৷
ভাৰতৰ ভিন্ন ৰাজ্যত কৰ'ণা মহামাৰীৰ সাম্প্ৰতিক স্থিতি
দেশৰ ভিন্ন প্ৰান্তত কৰ'ণা সংক্ৰমণৰ সাম্প্ৰতিক স্থিতি সম্পৰ্কে জানিবলৈ চাওক এই প্ৰতিবেদন...
ভাৰতৰ ভিন্ন ৰাজ্যত কৰ'ণা মহামাৰীৰ সম্প্ৰসাৰণ
বৰ্তমান দেশত 283407 গৰাকী সক্ৰিয় আক্ৰান্ত ৰোগী থকাৰ বিপৰীতে,এই মহামাৰীৰ কবলৰ পৰা অব্যাহতি লাভ কৰিছে মুঠ 515385 গৰাকী লোকে ৷ কৰ'ণা মহামাৰীৰ সম্প্ৰসাৰণে আটাইতকৈ অধিক প্ৰভাৱিত কৰিছে মহাৰাষ্ট্ৰ,তামিলনাডু আৰু দিল্লীক ৷