নিউজ ডেস্ক, ১৫ জুলাইঃ দ্ৰুত গতিত বৃদ্ধি পাইছে মহামাৰী কৰ'ণা সংক্ৰমণৰ প্ৰকোপ । বুধবাৰ পৰ্যন্ত সমগ্ৰ দেশজুৰি কৰ'ণাত আক্ৰান্তৰ সংখ্যা হৈছে ৯,৩৬,১৮১ গৰাকী লোক । আনহাতে, এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ২৪,৩০৯ গৰাকী লোকৰ । তাৰোপৰি বৰ্তমান পৰ্যন্ত ৩,১৯.৪৮০ গৰাকী ব্যক্তিৰ দেহত এই মাৰাত্ম ভাইৰাছ সক্ৰিয় হৈ থকা বুলি সদৰি কৰে কেন্দ্ৰীয় স্বাস্থ্য় মন্ত্ৰণালয়ে । আনহাতে, দেশৰ ভিতৰত কৰ'ণাত আক্ৰান্ত হৈ ক্ষতিগ্ৰস্ত হোৱা শীৰ্ষৰ ৰাজ্য তিনিখন হৈছে ক্ৰমে, মহাৰাষ্ট্ৰ, তামিলনাডু আৰু দিল্লী ।
মহাৰাষ্ট্ৰত বিগত ২৪ ঘণ্টাত কৰ'ণাত আক্ৰান্ত হৈছে ২,৬৭,৬৬৫ গৰাকী লোক । তাৰ ভিতৰত ১,০৭,৬৬৫ গৰাকী ব্যক্তিৰ দেহত এই ভাইৰাছ সক্ৰিয় হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ১,৪৯,০০৭ গৰাকী লোক । আনহাতে,এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ১০,৬৯৫ গৰাকীৰ ।