অসম

assam

By

Published : Apr 2, 2020, 10:56 AM IST

ETV Bharat / bharat

কোভিড-১৯: শীঘ্ৰেই অনুষ্ঠিত হ'ব দক্ষিণ এচিয়া আঞ্চলিক সহযোগিতা সংস্থাৰ বৈঠক

কৰ'ণা ভাইৰাছ মহামাৰীৰ ভয়াৱহ ৰূপ দেখি শীঘ্ৰেই ছাৰ্ক দেশৰ সমূহৰ মাজত অনুষ্ঠিত হ'ব দক্ষিণ এচিয়া আঞ্চলিক সহযোগিতা সংস্থাৰ বৈঠক ।

COVID-19: Commerce ministry officials of SAARC countries to meet in next few days
COVID-19: Commerce ministry officials of SAARC countries to meet in next few days

নিউজ ডেস্ক, ২ এপ্ৰিলঃসমগ্ৰ বিশ্বতে এতিয়া কৰ'ণা ভাইৰাছৰ আতংক । বাদ পৰি ৰোৱা নাই এছিয়ান দেশ সমূহো । যাৰ বাবে এই ভাইৰাছক প্ৰতিৰোধৰ লগতে উদ্ভৱ হোৱা নানান সমস্যা সমূহ দূৰ কৰিবলৈ শীঘ্ৰেই বৈঠকত মিলিত হ'ব দক্ষিণ এচিয়া আঞ্চলিক সহযোগিতা সংস্থা (SAARC)ৰ দেশ সমূহ । বুধবাৰে এই কথা সদৰী কৰা হয় ।

যোৱা ১৫ মাৰ্চত এই সন্দৰ্ভত অন্যান্য ছাৰ্ক দেশৰ সমূহৰ সৈতে ভিডিঅ' কনফাৰেঞ্চত যোগাযোগ স্থাপন কৰিছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । সকলোকে এই বিশ্ব সংকটৰ সময়ত একত্ৰিত হৈ যুঁজিবলৈ আহ্বান কৰিছিল ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে । লগতে সমূহ আঞ্চলিক গ্ৰুপলৈ ১ কোটি টকা দিয়াৰো আশ্বাস প্ৰদান কৰে মোডীয়ে ।

দক্ষিণ এচিয়া আঞ্চলিক সহযোগিতা সংস্থা দেশ সমূহ হৈছে- আফগানিস্তান, বাংলাদেশ, ভূটান, নেপাল, শ্ৰীলংকা, পাকিস্তান, মালদ্বীপছ আৰু ভাৰত ।

কৰ'ণা ভাইৰাছৰ বিভীষিকাৰে জৰ্জৰিত হৈ আছে উন্নয়নশীল ছাৰ্ক দেশ সমূহ । ভাৰতত বৰ্তমালৈকে প্ৰায় ১৮০০ তকৈ অধিক লোক আক্ৰান্ত হৈছে এই ভাইৰাছত । আনহাতে ৪০ জনতকৈও অধিক লোকৰ মৃত্যুবৰণ হৈছে । আনহাতে বিশ্বজুৰি প্ৰায় ৮,৫০,০০০ ত কৈও অধিক লোক এই ভাইৰাছৰ কৱলত পৰাৰ বিপৰীতে মৃত্যু হৈছে প্ৰায় ৪২ হাজাৰৰো অধিক লোকৰ ।

নিজামুদ্দিন ধৰ্মীয় সভা - তেলেংগানাত 30 গৰাকী নতুন ৰোগী, 3জনৰ মৃত্যু

ABOUT THE AUTHOR

...view details