আজি দেশৰ চাৰি ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ভোটগণনা - odisha
আৰম্ভ হ'ল অন্ধ্ৰপ্ৰদেশ,অৰুণাচল প্ৰদেশ,ওড়িশা আৰু চিকিমৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা ৷
নিউজ ডেস্ক, 23 মে': লোকসভা নিৰ্বাচনৰ লগতে আজি দেশৰ চাৰি ৰাজ্যত ঘোষণা হ'ব বিধানসভা নিৰ্বাচনৰ ফলাফল ৷ বৃহস্পতিবাৰে ঘোষণা হ'ব অন্ধ্ৰপ্ৰদেশ,অৰুণাচল প্ৰদেশ,ওড়িশা আৰু চিকিমৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ৷
পুৱা 8 বজাৰ লগে-লগে আৰম্ভ হৈছে চাৰিওখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়া ৷ অন্ধ্ৰপ্ৰদেশৰ 175 টা বিধাসভা সমষ্টিত 11 এপ্ৰিলত অনুষ্ঠিত হৈছিল বিধানসভা নিৰ্বাচন ৷ অৰুণাচল প্ৰদেশৰ 60 টা বিধানসভা সমষ্টিত 11এপ্ৰিলত অনুষ্ঠিত হৈছিল বিধানসভা নিৰ্বাচন ৷ ওড়িশাৰ 146 টা বিধানসভা সমষ্টিত চাৰিটা পৰ্যায়ত অনুষ্ঠিত হৈছিল বিধানসভাৰ নিৰ্বাচন ৷ ঠিক একেদৰে চিকিমৰ 32 টা বিধানসভা সমষ্টিত 7 টা পৰ্যায়ত অনুষ্ঠিত হৈছিল বিধানসভাৰ নিৰ্বাচন ৷