নেশ্বনেল ডেস্ক, 27 জুলাই : মুখ্য ন্যয়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে ন্যায়াধীশ ৰাম কৃষ্ণ গৌতমৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগৰ দলিল নস্যাৎ কৰিছে ৷ উচ্চতম ন্যায়ালয়ৰ দ্বাৰা গঠিত বিচাৰক মণ্ডলীয়ে মন্তব্য কৰে যে, এই বিষয়ত তেওঁলোকে কোনো ধৰণৰ হস্তক্ষেপ কৰিব নিবিচাৰে ৷
ন্যায়াধীশৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযাগ : হস্তক্ষেপ নকৰে উচ্চতম ন্যায়ালয়ে - জিলা আৰু সত্ৰ ন্যায়াধীশ
ন্যায়াধীশ আৰ. কে. গৌতমৰ গোচৰত হস্তক্ষেপ নকৰে উচ্চতম ন্য়ায়ালয়ে ৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যয়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত বিচাৰকৰ দলে এই কথা ঘোষণা কৰিছে ৷
ন্যায়াধীশৰ বিৰুদ্ধে দূৰ্নীতিৰ অভিযাগ : হস্তক্ষেপ নকৰে উচ্চতম ন্যায়ালয়ে
উল্লেখ্য যে, ৰাম কৃষ্ণ গৌতম হৈছে এজন জিলা আৰু সত্ৰ ন্যায়াধীশ আৰু তেওঁ বিৰুদ্ধে বহুসংখ্যক অপৰাধৰ গোচৰ আছে ৷ ইয়াৰোপৰি, তেওঁৰ বিৰুদ্ধে বহু কেইজন দোষীক বিনা দণ্ডেৰে মোকলাই দিয়াৰো অভিযোগ উত্থাপন হৈছিল ৷ বহু কেইটা ৰায়ত নিজৰ প্ৰভাৱ বিস্তাৰ কৰি ন্যায়াধীশৰ ৰায় সলনি কৰাৰ প্ৰচেষ্টা চলোৱাৰো অভিযোগ আছে তেওঁৰ বিৰুদ্ধে ৷