নিউজ ডেস্ক, 28 জুলাই: কৰ'ণা মহামাৰীৰ সংক্ৰমণে বিশ্বত অতিক্ৰম কৰিছে 16,646,987 গৰাকীৰ সংখ্যা ৷ আনহাতে 6,56,608 গৰাকী লোক বৰ্তমানলৈ ভাইৰাছবিধত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে ৷
আমেৰিকাত বৰ্ধিত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ এতিয়াও হ্ৰাস পোৱা নাই ৷ মঙলবাৰে দেশখনত আক্ৰান্তৰ সংখ্যাই স্পৰ্শ কৰে 4,433,410 গৰাকী লোকক ৷ লগতে মৃত্যুবৰণ কৰিছে 150,444 গৰাকী লোকে ৷ মে' মাহৰ পৰা দেশখনত কঠোৰ সামাজিক দূৰত্বৰ নিয়ম কিছু পৰিমাণে শিথিল কৰাৰ পিছৰ পৰা প্ৰতিদিনে 20 ৰ পৰা 60 গৰাকী লোকৰ দেহত পোৱা গৈছে COVID-19 ৰ উপস্থিতি ৷