নিউজ ডেস্ক,7 নৱেম্বৰঃপ্ৰচুৰ আৰ্থিক সুবিধা আহৰণৰ বাবে বাংলাদেশৰ বাংলা বাণিজ্যৰ কাণ্ডাৰীসকলক উত্তৰ-পূৱৰ ৰাজ্য সমূূহলৈ আমন্ত্ৰণ জনায় মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ৷
বাংলাদেশৰ ঢাকাত অনুষ্ঠিত ভাৰত-বাংলাদেশ চেম্বাৰ্চ অৱ কমাৰ্চ আৰু উদ্যোগৰ এখন বিশেষ সভাত চাংমাই বাংলাদেশৰ পুঁজিপতি ব্যৱসায়িক সকলক শ্বিলঙলৈ আহিবলৈ অনুৰোধ জনায় আৰু কয়, শ্বিলং আৰু চিলেটৰ মাজৰ ব্যৱধান মাত্ৰ তিনি ঘন্টা ত্ৰিশ মিনিটৰ ৷ যাৰ বাবে অৰ্থনৈতিক সুবিধা আহৰণৰ পথ সুচল হোৱা দেখা যায় ৷ আনহাতে শ্বিলং আৰু চিলেটৰ বাছ সেৱা আৰু বিমান সেৱা বিষয়েটোৰ ওপৰতো মুখ্যমন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে ৷
সভাখনত উপস্থিত থাকে প্ৰাণ-আৰ এল গ্ৰুপ, আই এফ এ ডি গ্ৰুপ আৰু বাংলাদেশৰ বৃহৎ ব্যৱসায়িক গোষ্ঠীসমূহ ৷ যিয়ে বিভিন্ন ধৰণৰ সামগ্ৰী নিৰ্মাণ কৰে আৰু তেওঁলোকে তেওঁলোকৰ ব্যৱসায় মেঘালয়তো আৰম্ভ কৰিবলৈ আগ্ৰহী ৷
সভাখনত বাংলাদেশৰ বাণিজ্যিক মন্ত্ৰী আৰু বাংলাদেশস্থিত ভাৰতৰ উচ্চ আয়ুক্ত ৰিভা গাংগুলী উপস্থিত থাকে ৷ কনৰাড চাংমায়ে বাংলাদেশৰ পৰ্যটনৰ প্ৰশংসা কৰি কয় যে দুয়োখন দেশৰ মাজত অতিশীঘ্ৰে সংযোগ স্থাপন কৰিলে দুয়োখন দেশতে ব্যৱসায়িক আৰু অৰ্থনৈতিক ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পৰিব ৷
দুয়োপক্ষই বাণিজ্যৰ ক্ষেত্ৰত থকা সুবিধা সমূহ বিশদভাৱে আলোচনা কৰে আৰু এই বিষয়ত এক বুজাবুজিত উপনীত হয়৷ খাচী,জয়ন্তীয়া আৰু গাৰো পৰ্যটন বিভাগৰ চাৰিজনীয়া এটা দলেও অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ ভাৰত আৰু বাংলাদেশৰ মাজত বাণিজ্যিক সম্পৰ্কৰ বৃদ্ধিৰ বাবে আৱকাৰী ব্যবস্থাৰ সুবিধা সমূহ সুচল কৰাৰ সম্পৰ্কতো আলোচনা কৰা হয়৷