নেশ্যনেল ডেস্ক, 15 ছেপ্তেম্বৰ : প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত ভাৰত-চীন সীমান্তৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কত সংসদত শাসনাধীষ্ঠ বিজেপি দলক উভতি ধৰিছে কংগ্ৰেছ দলে ৷ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সংসদত সীমান্ত সম্পৰ্কত এক মন্তব্য কৰাৰ পাচতে বিজেপি দলক আক্ৰমণ কৰে কংগ্ৰেছে ৷ কংগ্ৰেছে মন্তব্য কৰে যে, ভাৰত-চীন সীমান্ত সম্পৰ্কত প্ৰশ্ন কৰাত বিৰোধী দলক বাকৰুদ্ধ কৰিবলৈ কেন্দ্ৰই চেষ্টা চলাইছে ৷
মঙলাবাৰে সংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অনুপস্থিতি সম্পৰ্কতো প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৷ হিন্দী ভাষাত টুইটাৰৰ জৰিয়তে ৰাহুলে লিখে, "প্ৰতিৰক্ষা মন্ত্ৰীৰ মন্তব্যৰ পৰা এই কথা স্পষ্ট যে, চীনৰ বেদখল সম্পৰ্কত প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীক ভুল তথ্য প্ৰদান কৰিছে ৷ আমাৰ দেশ সদায়ে ভাৰতীয় সেনাৰ সৈতে থিয় দি আছে আৰু থাকিব ৷ কিন্তু প্ৰধানমন্ত্ৰী মোডী আপুনি কেতিয়া চীনৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিব ? কেতিয়া চীনৰ পৰা আমাৰ মাটি উভতাই আনিব ?"
ভাৰত-চীন সীমান্ত সম্পৰ্কীয় প্ৰশ্ন নাকচ কৰা বাবে কংগ্ৰেছৰ সাংসদসকলে লোকসভা কক্ষৰ পৰা ওলাই আহি এক প্ৰতিবাদো সাব্যস্ত কৰে ৷ বিৰোধী দলটোৱে কয় যে, চৰকাৰে কঠিন প্ৰশ্নৰ পৰা নিজকে আঁতৰাই ৰাখিছে ৷