নেশ্যনেল ডেস্ক, 17 মাৰ্চ : মুম্বাইৰ ৰে'লসেৱা কিছুদিনৰ বাবে বাতিল সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰিব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই ৷ কৰ'ণাভাইৰাছ প্ৰতিৰোধৰ বাবে জনসমাগমত প্ৰতিবন্ধকতা লগোৱাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মঙলবাৰে মন্তব্য আগবঢ়ায় ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী ৰাজেশ টোপে ৷ ৰাজ্যিক কেবিনেটৰ বৈঠকত বিয়লি ভাগত এই সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷
উপনগৰীয় ৰে'লৰ উপৰি মুম্বাই মেট্ৰ' ৰে'ল, মন' ৰে'ল আৰু অন্যান্য পৰিৱহণ সেৱা সম্পৰ্কতো এই সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ৷ ইয়াৰ ফলত দেশৰ অন্যতম বৃহৎ মহানগৰখনত যান-বাহন ব্যৱস্থাত জটিলতা অহাৰ সম্ভাৱনা আছে ৷
টোপে লগতে কয়, "আমাৰ হাতত বিকল্প ব্যৱস্থা আছে - ৰে'লৰ সকলো দবা পৰিস্কাৰ কৰি ৰখা, যাত্ৰীৰ সংখ্যা কম কৰা আদিও কৰিব পৰা যাব ৷ ৰে'লসেৱা বাতিল কৰাৰ পৰিৱৰ্তে এই সিদ্ধান্ত গ্ৰহণ কৰিব পৰা যায় ৷"