নিউজ ডেস্ক, ৩০ এপ্ৰিলঃ ৰাজ্যিক বিধানসভালৈ নিৰ্বাচিত হ'বৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হস্তক্ষেপ বিচাৰিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী তথা শিৱসেনাৰ নেতা উদ্ধৱ থাকেৰ । বুধবাৰে দেশৰ প্ৰধানমন্ত্ৰীলৈ ফোন কৰি এইদৰে হস্তক্ষেপ কামনা কৰে উদ্ধৱ থাকৰে ।
উল্লেখ্য যে, মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা শিৱসেনাৰ সৰ্বসন্মত নেতা হিচাপে মুখ্যমন্ত্ৰী নিৰ্বাচিত হৈছিল উদ্ধৱ থাকৰে । কিন্তু মুখ্যমন্ত্ৰী নিৰ্বাচিত হ'লেও তেওঁ বিধানসভালৈ নিৰ্বাচিত হোৱা নাছিল । কিন্তু মুখ্যমন্ত্ৰী হ'বলৈ হ'লে তেওঁ ছমাহৰ ভিতৰতে বিধানসভা নাইবা বিধানপৰিষদলৈ নিৰ্বাচিত হ'ব লাগিব । মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, যদিহে তেওঁ বিধানসভা বা বিধানপৰিষদলৈ মনোনীত নাইবা নিৰ্বাচিত নহয় তেতিয়াহ'লে তেওঁ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ দিব লাগিব ।
যাৰ বাবে এতিয়া একমাত্ৰ নিজৰ গাডী ৰক্ষা কৰিবলৈ সমগ্ৰ বিষয়টোত প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে ।
উল্লেখ্য যে, মহাৰাষ্ট্ৰ কেবিনেটে ৰাজ্যপাল ভগত সিং কোশয়াৰিক মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক ৰাজ্যিক বিধানসভালৈ মনোনীত কৰিবলৈ ২৮ এপ্ৰিলত অনুৰোধ জনাইছিল । সাংবিধানিক সংকটৰ পৰা মুক্ত হ'বলৈ বিগত ৯ এপ্ৰিলত ৰাজ্যখনৰ খালী হৈ থকা দুটাকৈ বিধানসভা আসনৰ এটাত থাকৰেক মনোনীত কৰিবলৈ ৰাজ্যপালক আবেদন জনাইছিল শিৱসেনাই ।
ভাৰতীয় সংবিধানৰ নিয়ম অনুসৰি, থাকৰে মুখ্যমন্ত্ৰী হৈ থাকিবলৈ হ'লে তেওঁ মুখ্যমন্ত্ৰী পদত অধিস্থিত হোৱাৰ দিনৰ পৰা ছমাহৰ ভিতৰতে সদনৰ বিধানপৰিষদ নাইবা বিধানমণ্ডললৈ নিৰ্বাচিত হ'ব লাগিব । বিগত বৰ্ষৰ ২৮ নৱেম্বৰত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিছিল উদ্ধৱ থাকৰে ।