অসম

assam

ETV Bharat / bharat

বিশ্ব বেংকৰ ফালৰ পৰা ভাৰতক সকিয়নী - অশনি সংকেত

প্ৰতিদিনেই বৃদ্ধি পোৱা বহনক্ষম উষ্ণতাৰ বাবে মানৱ জাতিয়ে জীয়াতু ভুগিব লগা হৈছে । যাৰ ফল স্বৰূপে সময়ে-সময়ে দুৰ্ভিক্ষ আৰু মহামাৰীয়ে দেখা দিছে । প্ৰকৃতিৰ অবাধ ধংসৰ বাবে জলবায়ু আৰু পৰিৱেশ বিনষ্ট হয় মানৱ জাতিলৈ বিপদ নামি আহিছে ।

climate-change-will-make-india-less-liveable-in-the-coming-years
climate-change-will-make-india-less-liveable-in-the-coming-years

By

Published : Jun 17, 2020, 11:43 PM IST

নিউজ ডেস্ক, ১৭ জুন :প্ৰতিদিনেই বৃদ্ধি পোৱা বহনক্ষম উষ্ণতাৰ বাবে মানৱ জাতিয়ে জীয়াতু ভুগিব লগা হৈছে । যাৰ ফল স্বৰূপে সময়ে-সময়ে দুৰ্ভিক্ষ আৰু মহামাৰীয়ে দেখা দিছে । প্ৰকৃতিৰ অবাধ ধংসৰ বাবে জলবায়ু আৰু পৰিৱেশ বিনষ্ট হয় মানৱ জাতিলৈ বিপদ নামি আহিছে ।

ভাৰতীয় কৃষি গৱেষণা কাউন্সিলে বিগত ডেৰ বছৰে চলোৱা সমীক্ষাৰ ভিত্তিত জলবায়ুৰ পৰিৱৰ্তনৰ বাবে কৃষিৰ উৎপাদন হ্ৰাস পাইছে ।

হিমালয়ৰ বৰফ গলি উপকূল অঞ্চলত পানীত বুৰ গৈ এক বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হয় ।

তিনিমাহ পূৰ্বে জাতি সংঘৰ প্ৰতিবেদনত স্পষ্ট হৈছে যে, বিগত বহু দশক ধৰি জলবায়ুৰ পৰিৱৰ্তনৰ বাবে ভাৰতৰ কৃষি ক্ষেত্ৰৰ বিস্তৰ ক্ষতি সাধন হয় । ভাৰতত নিতৌ বনাঞ্চল ধংস আৰু প্ৰকৃতিৰ ধংসৰ বাবে পৰিৱেশ তথা জীৱ কূললৈ অশনি সংকেত নামি আহিছে ।

বিশ্ব বেংকৰ ফালৰ পৰা ভাৰতক সকিয়াই দিয়া হৈছিল যে, ভাৰতে এই ক্ষেত্ৰত যদি উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহলে ২০৫০ চনৰ ভিতৰত ভাৰত ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব লগা হ'ব আৰু সকলো ধৰণৰ সামগ্ৰী বিদেশৰ পৰা আমদানী কৰিব লাগিব ।

ABOUT THE AUTHOR

...view details