অসম

assam

ETV Bharat / bharat

চীনে আন্তৰ্জাতিক চুক্তি অনুসৰণ কৰা নাইঃ প্ৰতিৰক্ষা বিশেষজ্ঞ

ই টিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ভূ-ৰাজনৈতিক বিশেষজ্ঞগৰাকীয়ে কয় য়ে,"আমি কেতিয়াও চীনক বিশ্বাসত ল'ব নোৱাৰো ৷ কাৰণ চীনে কেতিয়াও আন্তৰ্জাতিক চুক্তি অনুসৰণ কৰা নাই ৷ বৰঞ্চ বেইজিঙে পাকিস্তান আৰু উত্তৰ কোৰিয়াৰ দৰে ব্যৱহাৰ কৰিছে যি গ্ৰহণযোগ্য নহয় ৷

By

Published : Jun 18, 2020, 7:48 PM IST

'China never follows treaties, behaves like N Korea, Pakistan'
প্ৰতিৰক্ষা বিশেষজ্ঞ উমৰ আঘা

নিউজ ডেস্ক, 18 জুনঃ লাডাখৰ গলেৱান উপত্যকাত চীনা সৈন্যই ভাৰতীয় সৈন্যৰ সৈতে হিংসক সংঘৰ্ষত লিপ্ত হোৱাৰ পাছত চীনক লক্ষ্য কৰি প্ৰতিৰক্ষা বিশেষজ্ঞ উমৰ আঘাই কয় য়ে,বেইজিঙে কেতিয়াও আন্তৰ্জাতিক চুক্তি অনুসৰণ কৰা নাই বৰঞ্চ পাকিস্তান আৰু উত্তৰ কোৰিয়াৰ দৰে ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে ৷

প্ৰতিৰক্ষা বিশেষজ্ঞ উমৰ আঘা

ই টিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ভূ-ৰাজনৈতিক বিশেষজ্ঞগৰাকীয়ে কয় য়ে,"আমি কেতিয়াও চীনক বিশ্বাসত ল'ব নোৱাৰো ৷ কাৰণ চীনে কেতিয়াও আন্তঃৰ্জাতিক চুক্তি অনুসৰণ কৰা নাই ৷ বৰঞ্চ বেইজিঙে পাকিস্তান আৰু উত্তৰ কোৰিয়াৰ দৰে ব্যৱহাৰ কৰিছে যি গ্ৰহণযোগ্য নহয় ৷

প্ৰতিৰক্ষা বিশেষজ্ঞ উমৰ আঘাৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

সীমান্তৰ শান্তিৰক্ষাৰ বাবে যুদ্ধবিৰতি চুক্তিৰ মতে একাধিক চুক্তি স্বাক্ষৰ কৰা স্বত্বেও বেইজিঙে এই নীতি উলংঘন কৰা পৰিলক্ষিত হৈছে ৷ লগতে যুদ্ধক্ষেত্ৰত চীনা সৈন্যই যি আইন প্ৰদৰ্শন কৰিছে সেয়া অতি অপেচাদাৰী বুলি মন্তব্য কৰে আঘাই ৷

চীনৰ বৰ্বৰ আচৰণৰ বিষয়টো কেৱল আমি নিন্দা কৰা উচিত নহয় ৷ UNSC এই ক্ষেত্ৰত মাত মতা উচিত যিহেতু বেইজিং ইয়াৰ সদস্য ৷ জেইচ-ই-মহম্মৰ দৰে পাকিস্তানীৰ সন্ত্ৰাসবাদী সংগঠনকো বেইজিঙে সমৰ্থন কৰে ৷ এই বিষয়সমূহত আলোচনা কৰা উচিত ৷

লগতে পঢ়কঃ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ চমু অৱলোকন

সীমান্তৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে জানিবলৈ বিচৰাত আঘাই কয় য়ে, বৰ্তমান পৰিস্থিতি অতি ভয়াৱহ ৷ এই পৰ্যন্ত কেবাজনো সৈন্য ছহিদ হৈছে ৷ আমি কেতিয়াও চীনা সৈন্যই এনেদৰে আচৰণ কৰিব বুলি ভবা নাছিলো বুলি মন্তব্য কৰে আঘাই ৷

উল্লেখযোগ্য যে, সোমবাৰে ৰাতি চীনা সৈন্যৰ সৈতে মুখামুখি সংঘৰ্ষত 20 জন ভাৰতীয় সৈন্য ছহিদ হয় ৷ 1975 চনৰ পাছত ভাৰত-চীন যুদ্ধৰ এইখন প্ৰথম ভয়াৱহ সংঘাত আছিল ৷

ABOUT THE AUTHOR

...view details